সুখবৰ, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়েও লাভ কৰিব পেঞ্চন!

News18 Assam | News18-Assam
Updated:February 3, 2020, 4:18 PM IST
সুখবৰ, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়েও লাভ কৰিব পেঞ্চন!
চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত।

চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে চাকৰিয়াল সকলৰ বাবে আনিছে এক ডাঙৰ খবৰ। ব্যক্তিগত খণ্ডৰ চাকৰিয়ালেও এতিয়াৰ পৰা পাব পেঞ্চনৰ সুবিধা! চৰকাৰে অতি শীঘ্ৰে ‘Pension Scheme in India’ আইন সংশোধন কৰাক লৈ চিন্তা চৰ্চা কৰিছে। ইতিমধ্যে দাখিল কৰা বিত্তীয় বাজেটত এই বিষয়ত চৰকাৰে দিছে বিশেষ সংকেট।

ইংৰাজী বাতৰি কাকত, টাইমচ অৱ ইণ্ডিয়াত প্ৰকাশ পোৱা খবৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত লাভান্বিত হ’ব চাকৰিয়াল সকল। বিত্ত সচিব ৰাজীৱ কুমাৰে কৈছে যে, অতি সোনকালে এই আচঁনিখন কাৰ্যত ৰূপায়ন কৰা হ’ব। আৰু প্ৰত্যেক মাহে কমেও ১০০ টকা কৰ্মচাৰী সকলে দৰমহাৰ পৰা কৰ্তন কৰাব পাৰিব। আৰু ধনৰাশি কোম্পানীয়ে নিজাববীয়াকৈ জমা কৰিব পাৰিব।
Published by: Himangshu Bhuyan
First published: February 3, 2020, 1:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি