সুশান্ত সিং ৰাজপুতৰ মৃত্যু এতিয়া ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে ছলমান খান সহ মুঠ ৮ জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।
সুশান্ত সিং ৰাজপুতৰ মৃত্যু এতিয়া ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে ছলমান খান সহ মুঠ ৮ জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে তোলপাৰ লাগিছে বলীউদৰ ভিতৰচৰা। অভিনেতাজনৰ মৃত্যুৰ পিছতে বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খান, ছবি নিৰ্মাতা একতা কাপুৰ, কৰণ জোহৰকে আদি কৰি মুঠ ৮ জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। গোচৰ ৰুজু হোৱাৰ পিছতে ছচিয়েল মিডিয়াত পষ্ট শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একতা কাপুৰে।
একতা কাপুৰে লিখিছে যে, ‘সুশান্তৰ মৃত্যুৰ পিছৰ পৰা মোৰ বিৰুদ্ধে যিধৰণে কথা বতৰা চলিছে এয়া সঁচাকৈয়ে বিৰক্তিকৰ। যিজন সুশান্তক কাষ্টিং নকৰাৰ বাবে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, সেইজন সুশান্তক ময়েই ইণ্ডাষ্ট্ৰীলৈ আনিছিলো। মোৰ হাতত ধৰিয়েই সুশান্তই কেৰিয়াৰ আৰম্ভ কৰিছিল। বুজা নাই এনেবোৰ কথা কিয় কোৱা হৈছে। সুশান্তৰ পৰিয়াল শান্তিত থাকক। সত্য কথা এদিন পোহৰলৈ আহিব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|