মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »মাত ভালদৰে ফুটাই নাই, কিন্তু দেউতাকে সুৰ খেলিমেলি কৰিলেই দিয়ে ধমক, কণমানিটিৰ প্ৰতিভা দেখি আচৰিত বিগ বি

মাত ভালদৰে ফুটাই নাই, কিন্তু দেউতাকে সুৰ খেলিমেলি কৰিলেই দিয়ে ধমক, কণমানিটিৰ প্ৰতিভা দেখি আচৰিত বিগ বি

অমিতাভ বচ্চনে নিজৰ টুইটাৰ ইকাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিলে এই ভাইৰেল ভিডিঅ’

অমিতাভ বচ্চনে নিজৰ টুইটাৰ ইকাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিলে এই ভাইৰেল ভিডিঅ’

অমিতাভ বচ্চনে নিজৰ টুইটাৰ ইকাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিলে এই ভাইৰেল ভিডিঅ’

  • Share this:
ছচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় অমিতাভ বচ্চনে। বিভিন্ন সময়ত আকৰ্ষণীয় ভিডিঅ’ শ্বেয়াৰ কৰে বলীউদৰ মেগাষ্টাৰগৰাকীয়ে। এইবাৰ এটা ভিডিঅ’ চাই অমিতাভ বচ্চন ইমানেই অভিভূত হৈ পৰিল যে, শ্বেয়াৰ কৰি দিলে নিজৰ টুইটাৰ একাউণ্টত।

ভিডিঅ’টোত দেখা গৈছে যে, দেউতাকৰ সৈতে এটি কণমানি শিশুৱে গীত গোৱাৰ অভ্যাস কৰিছে। হাৰমনিয়ামত দেউতাকে সুৰ তুলি পুত্ৰক শিকাইছে। কণমানিটোৰ ক্লাচিকেল মিউজিকৰ দক্ষতা এতিয়া সকলোৰে চকুত পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে, গীত গোৱাৰ সময়ত সুৰৰ খেলিমলি হ’লে পিতৃয়ে নহয়, পুত্ৰইহে দেউতাকক ভুল আঙুলিয়াই দিছে।


ভিডিঅ’টো শ্বেয়াৰ কৰি অমিতাভ বচ্চনে লিখিছে, ‘‘T 3694 - Child is the Father of Man !’ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’। শিশুটিৰ অনন্য প্ৰতিভা দেখি বিভিন্নজনে উচ্চ প্ৰশংসা কৰিছে শিশুটিক।

শেহতীয়া বাতৰি