অবিশ্বাস্য যেন লাগিলেও সত্য! মাত্ৰ এটকাৰ পৰা লাভ কৰক ২৫ লাখ টকা, পিছে কেনেকৈ?

News18 Assam | News18-Assam
Updated:October 14, 2020, 2:19 PM IST
অবিশ্বাস্য যেন লাগিলেও সত্য! মাত্ৰ এটকাৰ পৰা লাভ কৰক ২৫ লাখ টকা, পিছে কেনেকৈ?
এটকীয়া মুদ্ৰাৰ পৰা ২৫ লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি? হ’ব পাৰে অবিশ্বাস্য, কিন্তু সত্য।

এটকীয়া মুদ্ৰাৰ পৰা ২৫ লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি? হ’ব পাৰে অবিশ্বাস্য, কিন্তু সত্য।

  • Share this:
এটকীয়া মুদ্ৰাৰ পৰা ২৫ লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি? হ’ব পাৰে অবিশ্বাস্য, কিন্তু সত্য। আপোনাক লাগে মাত্ৰ এটা এটকীয়া মুদ্ৰা। পিছে মুদ্ৰাটো হ’ব লাগিব কমেও ১০০ বছৰ পুৰণি।

দৰাচলতে, পুৰণি, ঐতিহাসিক মুদ্ৰাৰ নিলাম হ’ব ভাৰতৰ সৰ্ববৃহত্‍ অনলাইন মাৰ্কেট ‘ইণ্ডিয়ামাৰ্ট’ত। যদি আপোনাৰ হাতত আছে সেই বিশেষ মুদ্ৰাটো, তেন্তে মুদ্ৰাটো নিলাম কৰি আপুনি লাভ কৰিব পাৰে লাখ টকা।

আপোনাৰ হাতত ১৯১৩ চনৰ এটকীয়া মুদ্ৰা আছে যদি আপুনি মুদ্ৰাটো নিলাম কৰি ২৫ লাখ টকা উপাৰ্জন কৰিব পাৰে। ‘ভিক্টোৰিয়ান ইৰা’ৰ এই মুদ্ৰাটো ৰূপেৰে নিৰ্মিত আছিল। আৰু ইয়াৰ প্ৰাইচ নিৰ্ধাৰণ কৰা হৈছে ২৫ লাখ টকা।

সেইদৰে ১৮ শতিকাৰ মুদ্ৰাৰ প্ৰাইচ নিৰ্ধাৰণ কৰা হৈছে ১০ লাখ টকা। আৰু এই মদ্ৰাটো প্ৰস্তুত কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। মুদ্ৰাটোত আছিল হনুমানৰ ফটো।

যদি আপুনি বিক্ৰী কৰিব বিচাৰে তেন্তে ইণ্ডিয়ামাৰ্টৰ ৱেবচাইট indiamart.comত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব। ৱেবচাইটত আপুনি নিজৰ এটা একাউণ্ট ক্ৰিয়েট কৰি, প্ৰথমে চেলাৰ হিচাপে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু মুদ্ৰাটোৰ ফটো আপলোড কৰিব লাগিব। আৰু বিক্ৰীৰ বাবে ৰাখিব লাগিব।
Published by: Himangshu Bhuyan
First published: October 14, 2020, 2:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading