ৰে’লৱে আৰম্ভ কৰিলে নতুন সেৱা, মাত্ৰ ১০০ টকাতে যাত্ৰীয়ে লাভ কৰিব মাছাজ(Massage)

দেশৰ ইতিহাসত এয়া প্ৰথমবাৰলৈ আৰম্ভ হ’ব ওলাইছে, চলন্ত ৰে’লত আপুনি আৰামেৰে উপভোগ কৰিব পাৰিব মালিছ(মছাজ)।

Dulu Medhi | news18assam
Updated:June 9, 2019, 10:13 AM IST
ৰে’লৱে আৰম্ভ কৰিলে নতুন সেৱা, মাত্ৰ ১০০ টকাতে যাত্ৰীয়ে লাভ কৰিব মাছাজ(Massage)
দেশৰ ইতিহাসত এয়া প্ৰথমবাৰলৈ আৰম্ভ হ’ব ওলাইছে, চলন্ত ৰে’লত আপুনি আৰামেৰে উপভোগ কৰিব পাৰিব মালিছ(মছাজ)।
Dulu Medhi | news18assam
Updated: June 9, 2019, 10:13 AM IST
দেশৰ ইতিহাসত এয়া প্ৰথমবাৰলৈ আৰম্ভ হ’ব ওলাইছে, চলন্ত ৰে’লত আপুনি আৰামেৰে উপভোগ কৰিব পাৰিব মালিছ(মছাজ)। ভাৰতীয় ৰে’ল যাত্ৰীক শীঘ্ৰেই এই সেৱা প্ৰদান কৰিব। ৰে’লৱে বৰ্ডৰ মিডিয়া তথা যোগাযোগ পৰিচালক ৰাজেশ বাজপেয়ীয়ে ক’লে যে পশ্চিম ৰে’লৱে ক্ষেত্ৰৰ ৰতলাম মণ্ডলে ইয়াৰ প্ৰস্তাৱ প্ৰস্তুত কৰিছে। ৰে’লৱে বিষয়া অনুসৰি ৰে’লৱে ইণ্ডোৰ পৰা যাত্ৰা কৰিবলগীয়া ৩৯খন ৰে’লত এই সেৱা উপলব্ধ হ’ব। ইয়াৰ ভিতৰত দেহৰাদুন–ইণ্ডোৰ এক্সপ্ৰেছ(১৪৩১৭), নতুন দিল্লী–ইণ্ডোৰ ইণ্টাৰচিটী এক্সপ্ৰেছ(১২৪১৬) আৰু ইণ্ডোৰ–অমৃতসৰ এক্সপ্ৰেছ(১৯৩২৫) অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ দ্বাৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি হ’বঃ

ৰে’লৱে বৰ্ডৰ মিডিয়া তথা যোগাযোগ পৰিচালক ৰাজেশ বাজপেয়ীয়ে ক’লে যে এয়া ৰে’লৱেৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ব য’ত যাত্ৰীৰ আৰামক প্ৰাধান্য দি চলন্ত ৰে’লত এই সেৱা প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা ৰে’লৱেৰ অতিৰিক্ত আয়ৰ লগতে যাত্ৰীৰ সংখ্যাও বৃদ্ধি হ’ব।

১৫ৰ পৰা ২০ দিনৰ ভিতৰত আৰম্ভ হ’ব এই সেৱাঃ

বাজপেয়ীয়ে ক’লে ইয়াৰ জৰিয়তে ৰে’লৱেৰ বাৰ্ষিক ২০ লাখ টকা আয় হোৱাৰ সম্ভাৱনা আছে আৰু সেৱা প্ৰদান কৰিবলগীয়া ২০,০০০ অতিৰিক্ত যাত্ৰীৰ বাবে অতিৰিক্ত টিকটৰ বিক্ৰী বৃদ্ধি হ’ল বছৰত ৯০ লাখ টকাৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ১৫ৰ পৰা ২০ দিনৰ ভিতৰত আৰম্ভ হ’ব এই সেৱা। এই সেৱা পুৱা ৬ বজাৰ পৰা নিশা ১০ বজাৰ মাজত প্ৰদান কৰা হ’ব। যাত্ৰীসকলে মূৰ আৰু ভৰিৰ মালিছৰ বাবে ১০০ টকাকৈ দিব লাগিব। ইয়াৰ বাবে প্ৰতিখন ৰে’লত ৩–৫গৰাকীকে মালিছ কৰা লোকে যাত্ৰা কৰিব। ৰে’লৱে তেওঁলোকৰ পৰিচয় পত্ৰ জাৰি কৰিব।

 
আৰু চাওক পৰৱৰ্তী বাতৰি