ভালখবৰ! কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব বেংক কৰ্মচাৰীৰ দৰমহা লগতে দিব PLI!

News18-Assam
Updated:November 20, 2019, 12:51 PM IST
ভালখবৰ! কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব বেংক কৰ্মচাৰীৰ দৰমহা লগতে দিব PLI!
source-Google

কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৮ লাখ বেংক কৰ্মচাৰীক আগন্তুক বিত্তীয় বৰ্ষত দৰমহাৰ লগতে  Performance Linked Incentive প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে!

  • News18 Assam
  • Last Updated: November 20, 2019, 12:51 PM IST
  • Share this:
চৰকাৰী বেংকৰ কৰ্মচাৰীৰ বাবে ভালখবৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৮ লাখ বেংক কৰ্মচাৰীক আগন্তুক বিত্তীয় বৰ্ষত দৰমহাৰ লগতে  Performance Linked Incentive প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ আগতে বেংকৰ মেনেজমেণ্টে Variable Pay অন্যথা Performance Linked Incentive প্ৰদানৰ প্ৰস্তাৱ দিছিল।

All India Bank Officers' Confederation ৰ সাধাৰণ সম্পাদক সৌম্য দত্তই কয় যে, ‘Performance Linked Incentive ৰ বিষয়টোত চৰকাৰে ইতিমধ্যে গুৰুত্ব প্ৰদান কৰিছে। আৰু আগন্তুক বিত্তীয় বৰ্ষত কৰ্মচাৰীক প্ৰদান কৰাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে।’ সেইদৰে IBA এ স্পষ্টীকৰণ দিয়ে যে, ‘কৰ্মচাৰীৰ দৰমহাৰ লগত PLI একেলগ কৰা নহয়।সংগঠনটোৱে বেংক কৰ্মচাৰীৰ দৰমহা ১২ শতাংশ বৃদ্ধি কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে’।

 

 

আৰু চাওক পৰৱৰ্তী বাতৰি