Facebook-Instagramত নতুন ফিচাৰ! ব্যৱহাৰকাৰীয়ে উপাৰ্জন কৰিব পাৰিব বৃহৎ পৰিমাণৰ ধন, লাইভৰ পৰাও হ’ব উপাৰ্জন

News18 Assam | News18-Assam
Updated:June 11, 2021, 4:59 PM IST
Facebook-Instagramত নতুন ফিচাৰ! ব্যৱহাৰকাৰীয়ে উপাৰ্জন কৰিব পাৰিব বৃহৎ পৰিমাণৰ ধন, লাইভৰ পৰাও হ’ব উপাৰ্জন
ফেচবুকে কৈছে যে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে কোম্পানীবোৰৰ সৈতে পাৰ্টনাৰশ্বীপ কৰি উপাৰ্জন কৰিব পাৰে।

ফেচবুকে কৈছে যে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে কোম্পানীবোৰৰ সৈতে পাৰ্টনাৰশ্বীপ কৰি উপাৰ্জন কৰিব পাৰে।

  • Share this:
যদি আপুনি ছচিয়েল নেটৱৰ্কিং ছাইট ফেচবুক (Facebook) আৰু ইনষ্টাগ্ৰাম (Instagram) ব্যৱহাৰ কৰে, আপুনি এতিয়া ঘৰতে বহি এক বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব। ফেচবুকে ক্ৰিয়েটৰসকলক ইনষ্টাগ্ৰামত ধন উপাৰ্জন কৰাত সহায় কৰিবলৈ নতুন ফিচাৰ মুকলি কৰিছে। ফেচবুকে কৈছে যে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে কোম্পানীবোৰৰ সৈতে পাৰ্টনাৰশ্বীপ কৰি উপাৰ্জন কৰিব পাৰে। লগতে ক্ৰিয়েটৰ আৰু ইনফ্লুৱেন্সাৰ সকলক পুৰস্কাৰো দিয়া হ'ব।

কেনেদৰে ধন উপাৰ্জন কৰিব জানক -

ছচিয়েল মিডিয়াৰ প্ৰতিষ্ঠিত কোম্পানী ফেচবুকে ঘোষণা কৰিছে যে ক্ৰিয়েটৰ্ছসকলে কোম্পানীবোৰৰ সৈতে বুজাবুজি কৰিব পাৰে আৰু তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰি তেওঁলোকৰ অনুসৰণকাৰীসকলৰ পৰা ধন উপাৰ্জন কৰিব পাৰে। ইয়াত তেওঁলোকে ভিডিঅ'ত চলা বিজ্ঞাপনৰ পৰা ৰাজহৰ এটা অংশ উপাৰ্জন কৰিব পাৰে। ছচিয়েল মিডিয়া প্লেটফৰ্মৰ দ্বাৰা প্ৰভাৱিত আৰু সৃষ্টিকৰ্তাসকলক এতিয়া তেওঁলোকৰ ক্ৰয়ৰ বিনিময়তো পুৰষ্কাৰ প্ৰদান কৰা হ'ব।

জানক ফেচবুকে কি কৈছিল?

ফেচবুকে ইয়াৰ এটা ব্লগত কৈছিল, 'আমি ক্ৰিয়েটৰসকলক সহায় কৰাৰ বাবে এটা নতুন পদক্ষেপ ঘোষণা কৰি আছো। এইটোৱে তেওঁলোকক আমাৰ প্লেটফৰ্মত তেওঁলোকৰ নিজৰ ব্যক্তিগত ব্ৰেণ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম কৰিব। আজিৰ পৰা নিৰ্বাচিত ক্ৰিয়েটৰসকলে ব্ৰেণ্ডৰ পৰা সামগ্ৰী টেগ কৰিব পাৰিব আৰু তেওঁলোকৰ সামগ্ৰীৰ বাবে শ্বপ টুল বাচনি কৰিব পাৰিব।' ফেচবুকৰ মতে, কোম্পানীটোৱে বিচাৰে যে অধিক সংখ্যক ক্ৰিয়েটৰক শ্বপিং টুলৰ প্ৰৱেশাধিকাৰ দিয়া হ'ব যাতে তেওঁলোকে পাৰ্চেছ ড্ৰাইভৰ বাবে পুৰষ্কাৰ পাব পাৰে।

ব্যৱহাৰকাৰীসকলে লাইভ কৰি উপাৰ্জন কৰিব পাৰিব -

ফেচবুকে লগতে ঘোষণা কৰিছিল যে ইনষ্টাগ্ৰাম লাইভত ক্ৰিয়েটৰসকলে কোনো অন্য একাউণ্টৰ সৈতে লাইভ গৈ বেজৰ (badges in Live) ব্যৱহাৰ কৰিলে তেতিয়াও অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। ইনষ্টাগ্ৰামে বৰ্তমান ইয়াক বেনিফিট, কোপাৰি, মেক, পেট মেকগ্ৰা লেবচ আৰু চেপোৰাকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰে আধাৰিতৰ সৈতে পৰীক্ষা কৰিব। পিছত অন্য দেশলৈও এই সুবিধা বিস্তাৰ কৰিবৰ বাবে অন্য ব্ৰেণ্ডৰ সৈতেও চামিল হ'ব।

ষ্টাৰ চেলেঞ্জৰ পৰা টকা উপাৰ্জন কৰক -

ফেচবুকৰ ক্ৰিয়েটৰসকলে ষ্টাৰ চেলেঞ্জ ব্যৱহাৰ কৰি পুৰস্কাৰ অৰ্জন কৰিব পাৰে। ফেচবুকে ষ্টাৰ্ছ চেলেঞ্জ (Star Challenges) মুকলি কৰিছে।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি