• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৬ কোটি চাকৰিয়াললৈ বিজেপি চৰকাৰৰ ডাঙৰ উপহাৰ!

৬ কোটি চাকৰিয়াললৈ বিজেপি চৰকাৰৰ ডাঙৰ উপহাৰ!

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৬ কোটিৰো অধিক চাকৰিয়ালৰ বাবে আনিছে সুখবৰ।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৬ কোটিৰো অধিক চাকৰিয়ালৰ বাবে আনিছে সুখবৰ।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৬ কোটিৰো অধিক চাকৰিয়ালৰ বাবে আনিছে সুখবৰ।

  • Share this:
দেশৰ চাকৰিয়ালসকলৰ বাবে ভাল খবৰ। পৰৱৰ্তী মাহ অৰ্থাৎ জুলাইৰ পৰা পিএফ (PF) একাউণ্টলৈ আহিব পাৰে অধিক ধন। দৰাচলতে, কৰ্মচাৰীসকলে শীঘ্ৰেই কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ (employees provident fund organisation -EPFO) পৰা পাব পাৰে সুখবৰ। কৰ্মচাৰীসকলক শীঘ্ৰেই জুলাইৰ শেষৰ ফালে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ৮.৫ শতাংশ সুত পৰিশোধ কৰাৰ কথা ঘোষণা কৰা হ'ব পাৰে। EPFOএ ইতিমধ্যে এই বিষয়টোক লৈ শ্ৰম মন্ত্ৰালয়ৰ পৰা অনুমোদন লাভ কৰিছে। সমগ্ৰ প্ৰক্ৰিয়াটো অচিৰেই আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

৬ কোটিৰো অধিক কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰৰ এই সুবিধা -

শ্ৰম মন্ত্ৰালয়ৰ (labor Ministry) অনুমোদনৰ পিছতেই সমগ্ৰ দেশৰ প্ৰায় ৬ কোটি কৰ্মচাৰীয়ে PFৰ অধীনত থকাৰ বাবে এই সকাহ পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। EPFO–এ জুলাইৰ শেষৰ ফালে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ৮.৫ শতাংশ সুত প্ৰদান কৰিব পাৰে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, কৰ্মচাৰীৰ একাউণ্টত পোনপটীয়াকৈ সুতৰ ধন জমা হোৱাৰ সম্ভাৱনা অধিক।

যোৱা বছৰ কৰিব লগা হৈছিল দীঘলীয়া সময়ৰ অপেক্ষা -

বিগত বৰ্ষ ২০১৯-২০ত EPFO একাউণ্টৰ গৰাকীয়ে সুত লাভ কৰিবৰ বাবে ১০ মাহ পৰ্যন্ত অপেক্ষা কৰিব লগা হৈছিল। EPFO–এ কোনো পৰিৱৰ্তন অবিহনে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে সুতৰ হাৰ ৮.৫ শতাংশ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰোপৰি, EPFOএ সমগ্ৰ দেশত কোৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৰ বাবে একাউণ্টৰ গৰাকীসকলক নন ৰিফাণ্ডেব'ল কোভিড-১৯ৰ অগ্ৰিম ধন উলিয়াবলৈ অনুমতি প্ৰদান কৰিছিল।

উল্লেখ্য় যে, ১ জুনৰ পৰা জাৰি কৰা হৈছে EPFOৰ নতুন নিয়ম। এই নিয়ম অনুসৰি PF একাউণ্টৰ গৰাকীৰ ইউএএন (UAN)য়ো আধাৰৰ দ্বাৰাই Verify কৰিব লাগিব। সামাজিক সুৰক্ষা কোড(Social Security Code)ৰ ধাৰা ১৪২-ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে EPFOয়ে। নিয়োগকৰ্তাসকলক নিৰ্দেশ দিয়া হৈছে যে যদিহে ১ জুনৰ পিছত তেওঁলোকৰ কৰ্মচাৰীৰ PF একাউণ্ট আধাৰৰ সৈতে লিংক কৰা নাথাকে বা UANক আধাৰৰ দ্বাৰা Verify কৰা নহয়, তেন্তে তেওঁৰ বাবে ইলেক্ট্ৰনিক চালান আৰু ৰিটাৰ্ণ (ECR) দাখিল কৰিব নোৱাৰিব। সেয়েহে কৰ্মচাৰী PF একাউণ্টক আধাৰৰ সৈতে লিংক কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published: