ঘৰ কিনিবলৈ বিচৰা সকলৰ বাবে ভাল খবৰ !

জিএচটিৰ বাবে লোৱা অতিৰিক্ত ধন উভতাই দিব বিল্ডাৰে !

Tulika Devi | news18
Updated:May 9, 2019, 12:26 PM IST
ঘৰ কিনিবলৈ বিচৰা সকলৰ বাবে ভাল খবৰ !
জিএচটিৰ বাবে লোৱা অতিৰিক্ত ধন উভতাই দিব বিল্ডাৰে !
Tulika Devi | news18
Updated: May 9, 2019, 12:26 PM IST
যদি আপুনি ১ এপ্ৰিল ২০১৮ ৰ পৰা ৩১ মাৰ্চ ২০১৯ ভিতৰত ফ্লেট বুক কৰিছে বা বুকিং কেনচেল কৰিব বিচাৰিছে তেন্তে বিল্ডাৰে আপোনাক উভতাই দিব জিএচটিৰ বাবে লোৱা ধন । এই কথা স্পষ্টকৈ জনাইছে আয়কৰ বিভাগে । সেইদৰে ১ এপ্ৰিল ২০১৯ ৰ আগৰ পৰাই নিৰ্মাণ কাৰ্য চলি থকা ফ্লেটৰ বাবেও বলৱৎ কৰা হ’ব নতুন নিয়ম । এনে প্ৰকল্প হয়তু পুৰণি জিএচটিৰ আওঁতাতে থাকিব ন’হলে আৰোপ কৰা হ’ব ১ অথবা ৫ শতাংশ জিএচটি ।
ইয়াৰ আগতে পুৰণি ব্যৱস্থা অনুসৰি affordable housing–ৰ অধীনত থকা সকলৰ বাবে ৮ শতাংশ আৰু অন্য শ্ৰেণীৰ আৱাসিক ইউনিটৰ বাবে ১২ শতাংশ জিএচটি আৰোপ কৰাৰ ব্যৱস্থা আছিল ।
ৰিয়েল ষ্টেট চেক্টৰত জিএচটিত কৰা পৰিৱৰ্তনক লৈ এই স্পষ্টীকৰণ জাৰি কৰিছে আয়কৰ বিভাগে । এই পৰিৱৰ্তন অনুসৰি বিল্ডাৰ সকলে ইনপুট টেক্স ক্ৰেডিট নোলোৱাকৈ আৱাসিক প্ৰকল্পত ১ শতাংশ আৰু অন্যান্য আৱাসিক প্ৰকল্পত ৫ শতাংশ জিএচটি বলৱৎ কৰাৰ অনুমতি দিয়া হৈছে । এই নতুন ব্যৱস্থা ১ এপ্ৰিল ২০১৯ৰ পৰা বলৱৎ কৰা হৈছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি