• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ, অসমৰ যুৱ আৰ্চাৰ বিশাল চাংমায়ে স্থান লাভ কৰিছে ভাৰতীয় দলত

অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ, অসমৰ যুৱ আৰ্চাৰ বিশাল চাংমায়ে স্থান লাভ কৰিছে ভাৰতীয় দলত

বিশাল চাংমাইৰ খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ।

বিশাল চাংমাইৰ খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ।

বিশাল চাংমাইৰ খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ।

  • Share this:
অসমবাসীৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। টকিঅ’ত চলিবলগীয়া অলিম্পিক গেমছৰ প্ৰাকমুহুৰ্তত এগৰাকী যুৱ খেলুৱৈৰ জৰিয়তে অসমলৈ ভাল খবৰটো আহিছে। পোলেণ্ডত অনুষ্ঠিত হ'বলগীয়া "বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপ"ৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ বোকাখাতৰ আৰ্চাৰী খেলুৱৈ বিশাল চাংমায়ে। বিশাল চাংমাইৰ খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ।

উল্লেখযোগ্য যে আৰ্চাৰীত অসমৰ এক সুকীয়া স্থান আছে। অসমৰ সফল আৰ্চাৰ জয়ন্ত তালুকদাৰে ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছত অংশ লোৱাৰ উপৰি কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত পদক লাভ কৰিছিল। অৰ্জুন বঁটাপ্ৰাপ্ত আৰ্চাৰ জয়ন্ত তালুকদাৰৰ উপৰি অসমৰ মহিলা আৰ্চাৰ প্ৰমিলা দৈমাৰীয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি জাকাৰ্টা এছিয়ান গেমছত অংশ লৈছিল।

কেৱল জয়ন্ত তালুকদাৰ অথবা প্ৰমিলা দৈমাৰীয়েই নহয় অসমৰ কুৰি গৰাকীতকৈ বেছি আৰ্চাৰী খেলুৱৈয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত অংশ লৈছে। শেহতীয়াকৈ বোকাখাতৰ যুৱ আৰ্চাৰী খেলুৱৈ বিশাল চাংমাই ভাৰতীয় দলত স্থান লাভেৰে পুনৰ বাৰ প্ৰমাণ কৰিলে যে আৰ্চাৰীত অসম শ্ৰেষ্ঠ।

টকিঅ’ অলিম্পিক গেমছৰ সময়তে অসমলৈ বিশাল চাংমাইৰ যোগেৰে অহা ভাল খবৰটোত গৌৰৱ অনুভৱ কৰিছে সমগ্ৰ গোলাঘাট জিলা, বোকাখাটবাসীৰ লগতে অসমৰ ক্ৰীড়া প্ৰেমীয়ে। বোকাখাট চহৰত আৰ্চাৰী অনুশীলনৰ বাবে পৰ্যাপ্ত আন্তগাঁথনি বা ইয়াৰ অনুশীলনৰ বাবে ভাল সুযোগ–সুবিধা নাই যদিও তাৰ মাজতে নিতৌ পুৱা–গধুলি অনুশীলন চলাই জাতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিশাল চাংমায়ে।

বিশ্ব আৰ্চাৰীত ভাৰতীয় খেলুৱৈৰ মান আৰু স্থান যথেষ্ট উন্নত। তেনেকুৱা এক পৰিৱেশত অসমৰ বোকাখাতৰ পৰা গৈ ভাৰতীয় দলত স্থান লাভ কৰাত বিশাল চাংমাইক অসম অলিম্পিক সন্থা আৰু অসম আৰ্চাৰী সন্থাই অভিনন্দন জনাইছে। ভাৰতীয় দলৰ সফল প্ৰতিভাৱান খেলুৱৈ বিশাল চাংমাইক ভূয়সী প্ৰশংসা কৰাৰ লগতে অভিনন্দন জনাইছে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে বোকাখাত সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।
Published by:Sanjay Kumar Das
First published: