মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»বিমান যাত্ৰীসকলৰ বাবে ভাল খবৰ ! ১৮ অক্টোবৰৰ পৰা ১০০% যাত্ৰীৰ সৈতে উৰিব Domestic Flights...

বিমান যাত্ৰীসকলৰ বাবে ভাল খবৰ ! ১৮ অক্টোবৰৰ পৰা ১০০% যাত্ৰীৰ সৈতে উৰিব Domestic Flights...

Kokil Sarma | News18-Assam
Updated:October 12, 2021, 6:53 PM IST
বিমান যাত্ৰীসকলৰ বাবে ভাল খবৰ ! ১৮ অক্টোবৰৰ পৰা ১০০% যাত্ৰীৰ সৈতে উৰিব Domestic Flights...
কেন্দ্ৰীয় চৰকাৰে উৎসৱৰ সময়ত ঘৰুৱা বিমান যাত্ৰীসকলক (Domestic Flyers) ভাল খবৰ দিছে। দৰাচলতে, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে (Civil Aviation Ministry) ক'ৰোনা ভাইৰাছ মহামাৰীৰ পিছত ঘৰুৱা বিমানৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে উৎসৱৰ সময়ত ঘৰুৱা বিমান যাত্ৰীসকলক (Domestic Flyers) ভাল খবৰ দিছে। দৰাচলতে, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে (Civil Aviation Ministry) ক'ৰোনা ভাইৰাছ মহামাৰীৰ পিছত ঘৰুৱা বিমানৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে। মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, ঘৰুৱা বাণিজ্যিক বিমানত যাত্ৰীৰ ক্ষমতাৰ ওপৰত থকা নিষেধাজ্ঞা এতিয়া ১৮ অক্টোবৰ, ২০২১-ৰ পৰা উঠাই লোৱা হ'ব। সৰল ভাষাত, ঘৰুৱা বাণিজ্যিক বিমানে  (Domestic Commercial Flights) এতিয়া তেওঁলোকৰ সম্পূৰ্ণ যাত্ৰী লৈ উৰা মাৰিবলৈ সক্ষম হ'ব।

Covid Protocol কঠোৰভাৱে অনুসৰণ কৰিব লাগিব
কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ছেপ্টেম্বৰত ঘৰুৱা বিমানৰ যাত্ৰীৰ ক্ষমতা ৭২.৫ শতাংশৰ পৰা ৮৫ শতাংশলৈ বৃদ্ধি কৰিছিল। অহা সপ্তাহৰ পৰা সম্পূৰ্ণ ক্ষমতাৰে দেশখনত এতিয়া বিমান পৰিচালনা কৰা হ'ব। সম্পূৰ্ণ ক্ষমতাৰে বিমান পৰিচালনাৰ অনুমতিৰ সৈতে, মন্ত্ৰালয়ে এয়াৰলাইন আৰু বিমানবন্দৰ অপাৰেটৰসকলক কোভিড-19 ৰ বিস্তাৰ প্ৰতিহত কৰাৰ বাবে সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ কৈছে। লগতে, যাত্ৰাৰ সময়ত Covid Protocol কঠোৰভাৱে অনুসৰণ কৰিবলৈ কৈছে।
Published by: Kokil Sarma
First published: October 12, 2021, 6:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি