মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Tokyo Olympics, Golf: টকিঅ’ ইতিহাস ৰচাৰ দিশে অদিতি অশোক, স্বৰ্ণপদকৰ পৰা এখোজ দূৰত

Tokyo Olympics, Golf: টকিঅ’ ইতিহাস ৰচাৰ দিশে অদিতি অশোক, স্বৰ্ণপদকৰ পৰা এখোজ দূৰত

অদিতিৰ হাতত স্বৰ্ণপদক লাভৰো সুযোগ আছে, কিন্তু শনিবাৰে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব খেল আৰম্ভ হ’বনে নাই।

অদিতিৰ হাতত স্বৰ্ণপদক লাভৰো সুযোগ আছে, কিন্তু শনিবাৰে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব খেল আৰম্ভ হ’বনে নাই।

অদিতিৰ হাতত স্বৰ্ণপদক লাভৰো সুযোগ আছে, কিন্তু শনিবাৰে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব খেল আৰম্ভ হ’বনে নাই।

  • Share this:
অলিম্পিক (Tokyo Olympics)ত ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে ভাৰতীয় গ’ল্ফাৰ অদিতি অশোক। ভাৰতীয় গ’ল্ফাৰগৰাকীয়ে তৃতীয় দিনাও উন্নত প্ৰদৰ্শন অব্যাহত ৰাখিছে। অদিতি অশোকে (Aditi Ashok) শুকুৰবাৰে ৩ আণ্ডাৰ ৬৮ৰ কাৰ্ড খেলে আৰু দ্বিতীয় স্থানত থাকে।

অন্তিম আৰু চতুৰ্থ ৰাউণ্ড শনিবাৰে অনুষ্ঠিত হ’ব যদিও বতৰ প্ৰতিকূল দেখা গৈছে। বতৰ বেয়া হোৱাৰ ফলত যদি খেল নহয় তেন্তে তৃতীয় ৰাউণ্ডলৈ স্ক’ৰ গণনা হ’ব। ফলত অদিতি অশোকে ৰূপৰ পদক পাব পাৰে।

অদিতিৰ হাতত স্বৰ্ণপদক লাভৰো সুযোগ আছে, কিন্তু শনিবাৰে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব খেল আৰম্ভ হ’বনে নাই। যদি অদিতিয়ে পদক জিকিব পাৰে তেন্তে এয়া হ’ব গ’ল্ফত ভাৰতৰ প্ৰথম পদক। অদিতিৰ এয়া দ্বিতীয় অলিম্পিক। ৰিঅ’ত তেওঁ ৪১সংখ্য স্থানত আছিল।

শেহতীয়া বাতৰি