নতুন দিল্লীঃ একেৰাহে তিনি দিনলৈকে মহঙা হোৱাৰ পিছত সোণৰ দাম হ্ৰাস পাইছে (Gold Price)। আনহাতে ৰূপৰ দাম আজি বৃদ্ধি পোৱা দেখা গৈছে। এইচডিএফচি চিকিউৰিটিজে আজি দিল্লীৰ সোণ–ৰূপৰ বজাৰত দুয়োটা ধাতুৰ মূল্যৰ বিষয়ে সবিশেষ জনায়। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম বৃদ্ধি পোৱা দেখা যায়। এই বছৰত কোৰোণা ভাইৰাছৰ মহামাৰীৰ মাজতে সোণ আৰু ৰূপৰ দাম তীব্ৰ গতিৰে বঢ়া দেখা গৈছে। যিসকলে জানে তেওঁলোকৰ মতে অৰ্থব্যৱস্থাত অনিশ্চয়তাৰ স্থিতিৰ মাজত বিনিয়োগকাৰীসকলে সোণত আগ্ৰহ প্ৰকাশ কৰিছে। এই কাৰণতে সোণৰ দামে গতি লোৱা দেখা গৈছে। তেওঁলোকৰ মতে সোণৰ দাম নৱবৰ্ষ ২০২১তো বাঢ়ি থাকিব।
সোণৰ নতুন দাম (Gold Price, 30 December 2020) - বুধবাৰে দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোণৰ দাম ১৬টকা হ্ৰাস পাই প্ৰতি দহ গ্ৰামত ৪৯,৪৮৪ হোৱা দেখা যায়। ইয়াৰ পূৰ্বে একেৰাহে তিনি দিনলৈকে ইয়াৰ গতি বৃদ্ধি দেখা গৈছিল। বিগত ব্যৱসায়িক সত্ৰত সোণৰ দাম প্ৰতি দহ গ্ৰামত ৪৯,৫০০টকা হৈছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কথা ক’লে সোণৰ দাম আজিও প্ৰতি আউন্সত ১,৮৭৯ ডলাৰ।
ৰূপৰ নতুন মূল্য(Silver Price, 30 December 2020) - সোণৰ মূল্য সামান্য পৰিৱৰ্তন হৈ কম হয় যদিও ৰূপৰ মূল্য বৃদ্ধি পোৱা দেখা যায়। ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ২০৫টকা মহঙা হৈ ৬৭,৬৩টকা হয়। ইয়াৰ পূৰ্বে ব্যৱসায়িক সত্ৰত ৰূপৰ মূল্য ৬৭,৪৬৮টকা আছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত আজি ৰূপৰ মূল্য বাঢ়ি প্ৰতি আউন্সত ২৬.২২ডলাৰ হৈছে।
কিয় বাঢ়িছে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য
এইচডিএফচি চিকিউৰিটিজৰ চিনিয়ৰ এনালিষ্ট (কম’ডিটিজ) তপন পেটেলে জনোৱা মতে, বিগত কিছু দিনৰ তুলনাত বুধবাৰে ডলাৰ ইণ্ডেক্সৰ পতনৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য বাঢ়িছে।
FIRST PUBLISHED : December 31, 2020, 13:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।