உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সোণ–ৰূপৰ নতুন ৰেট জাৰি, ফটাফট চাওক ১০ গ্ৰাম সোণৰ এতিয়া মূল্য কিমান

    সোণ–ৰূপৰ নতুন ৰেট জাৰি, ফটাফট চাওক ১০ গ্ৰাম সোণৰ এতিয়া মূল্য কিমান

    সোণৰ দাম সোমবাৰেও বঢ়া দেখা গ’ল।

    সোণৰ দাম সোমবাৰেও বঢ়া দেখা গ’ল।

    সোণৰ দাম সোমবাৰেও বঢ়া দেখা গ’ল।

    • Share this:
    নতুন দিল্লীঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বৃদ্ধিৰ পিছত সোমবাৰে দিল্লীৰ সোণ–ৰূপৰ বজাৰত (Gold-Silver Rate) বৃদ্ধি দেখিবলৈ পোৱা গ’ল। এইচডিএফচি–এ এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। সোণৰ বাহিৰেও ৰূপৰ দামো আজি বঢ়া দেখা গ’ল। এইটো একেৰাহে দ্বিতীয়টো বৰ্ষ য’ত সোণৰ দাম একেৰাহে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ২০২০ চনত সোণৰ মূল্য ২৮শতাংশলৈ বাঢ়িছে। দৰাচলতে কোৰোণা ভাইৰাছৰ মহামাৰীৰ(Coronavirus Pandemic) কাৰণে বিনিয়োগকাৰীয়ে সোণক সুৰক্ষিত ঠাইত বিনিয়োগৰ কাৰণে বিকল্প হিচাপে লোৱাত আগ্ৰহ প্ৰকাশ কৰে।

    সোণৰ নতুন মূল্য(Gold Price, 28 December 2020) - দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোমবাৰে সোণৰ মূল্য ১৮৫টকা প্ৰতি দহ গ্ৰামত বঢ়া দেখা যায়। ইয়াৰ পিছত ১০ গ্ৰাম সোণৰ নতুন মূল্য ৪৯,৭৫৭টকা হয়। ইয়াৰ পূৰ্বে ব্যৱসায়িক ক্ষেত্ৰত সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৪৯,৫৭২টকাত শেষ হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য আছিল প্ৰতি আউন্সত ১,৮৮৫ডলাৰ।

    ৰূপৰ নতুন মূল্য(Silver Price, 28 December 2020) - সেই ধৰণে ৰূপৰ মূল্যও সোমবাৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। সোমবাৰে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১,৩২২টকা বাঢ়ি ৬৮,১৫৬টকা হয়। ইয়াৰ পূৰ্বে ব্যৱসায়িক সত্ৰ প্ৰতি কিলোগ্ৰামত ৬৬,৮৩৪টকাৰে শেষ হয়।
    First published: