বিগত দুটা মাহৰ তুলনাত প্ৰায় ৫,০০০ টকা ব্যয়বহুল হৈ পৰিছে সোণ।
বিগত দুটা মাহৰ তুলনাত প্ৰায় ৫,০০০ টকা ব্যয়বহুল হৈ পৰিছে সোণ।
আজিৰ পৰা আৰম্ভ হোৱা জুন মাহৰ প্ৰথম দিনটোতে সোণ আৰু ৰূপৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱা পৰিলক্ষিত হয়। আজি সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫০ হাজাৰ টকালৈ বৃদ্ধি হৈছে। ইফালে ৰূপৰ মূল্যই প্ৰতি কিলোগ্ৰামত ৭২ হাজাৰৰ ঘৰ অতিক্ৰম কৰে। মঙলবাৰে এমচিএক্স (MCX)ত সোণৰ সৈতে ৰূপৰ মূল্যও বৃদ্ধি পোৱা পৰিলক্ষিত হয়।
বিগত দুটা মাহৰ তুলনাত প্ৰায় ৫,০০০ টকা ব্যয়বহুল হৈ পৰিছে সোণ। মাৰ্চ মাহত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত প্ৰায় ৪৪,০০০ টকা হোৱাৰ লগতে ইয়াৰ মূল্য হ্ৰাসে অভিলেখ ৰচিছিল।
জানক আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য় কেনেধৰণৰ -
১০ গ্ৰাম সোণৰ মূল্য - MCXত আজি ১০ গ্ৰাম সোণৰ মূল্য ০.২০ শতাংশ বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৪৯,৪৫০ টকালৈ বৃদ্ধি পায়।
১ কিলোগ্ৰাম ৰূপৰ মূল্য - আজিৰ ৰূপৰ মূল্য ০.৮৪ শতাংশ বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত হয়গৈ ৭২,৫০৩ টকা। পূৰ্বৱৰ্তী অধিৱেশনত সোণত ০.৪৫% আৰু ৰূপত ০.৪২% বৃদ্ধি পৰিলক্ষিত হৈছিল।
ইপিনে আজি আন্তৰ্জাতিক বজাৰত সোণে বিগত পাঁচ মাহৰ তুলনাত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। সোণ ০.২% বৃদ্ধি হৈ প্ৰতি আউন্সত ১,৯১১.৪৫ ডলাৰ হৈছে। লগতে অন্যান্য মূল্যৱান ধাতুৰ ক্ষেত্ৰত ৰূপৰ মূল্য প্ৰতি আউন্সত ০.৬% বৃদ্ধি হৈ ২৮.২২ ডলাৰ হোৱাৰ বিপৰীতে প্লেটিনামৰ মূল্যও ০.৫% বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়।
সোণৰ মূল্য পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা -
বিশেষজ্ঞসকলৰ মতে, সোণ আৰু ৰূপৰ মূল্য পুনৰ বৃদ্ধি হ'ব পাৰে। কোৰোণা ভাইৰাছ সোণৰ মূল্য বৃদ্ধিৰ এটা কাৰণ হ'ব পাৰে।
কিয় বৃদ্ধি পাইছে সোণৰ মূল্য -
এইচডিএফচি ছিকিউৰিটিজ (HDFC Securities)ৰ জ্যেষ্ঠ বিশ্লেষক তপন পেটেলে কয় যে টকাৰ বিপৰীতে ডলাৰ শক্তিশালী হোৱাৰ বাবে সোণৰ মূল্য বৃদ্ধি পাইছে। নিউয়ৰ্কৰ কমোডিটি এক্সচেঞ্জ কমেক্সত সোণৰ হাজিৰ মূল্য শক্তিশালী হৈছে। তদুপৰি দিল্লী সৰোফা বজাৰতো মূল্যৱান হালধীয়া ধাতুৰ মূল্য বৃদ্ধি পাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|