Gold Price Today: সোণৰ দাম কমিছে, বাঢ়ি আছে ৰূপৰ দাম, জানক শেহতীয়া ৰেট

News18 Assam | News18-Assam
Updated:February 17, 2021, 1:33 PM IST
Gold Price Today: সোণৰ দাম কমিছে, বাঢ়ি আছে ৰূপৰ দাম, জানক শেহতীয়া ৰেট
ভাৰতীয় বজাৰে সাধাৰণ শ্বেয়াৰ, বণ্ডছ, নিৰ্মাণ খণ্ডৰ লগতে সোণ-ৰূপত বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰে। দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰীৰ বজাৰখন মিউচুৱেল ফাণ্ডৰ বিনিয়োগতকৈ স্থিৰ হোৱা বাবে বিনিয়োগৰ বাবে সুবিধাজনক। ভাৰতত আৰু চুবুৰীয়া দেশ চীনত সোণ-ৰূপৰ চাহিদা প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে।

ভাৰতীয় বজাৰে সাধাৰণ শ্বেয়াৰ, বণ্ডছ, নিৰ্মাণ খণ্ডৰ লগতে সোণ-ৰূপত বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰে। দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰীৰ বজাৰখন মিউচুৱেল ফাণ্ডৰ বিনিয়োগতকৈ স্থিৰ হোৱা বাবে বিনিয়োগৰ বাবে সুবিধাজনক। ভাৰতত আৰু চুবুৰীয়া দেশ চীনত সোণ-ৰূপৰ চাহিদা প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে।

  • Share this:
আপুনি সোণ-ৰূপৰ অলংকাৰ কিনিব বিচাৰিছে যদি বৰ্তমান বজাৰত চলি থকা মূল্যৰ বিষয়ে জনাটো অতিকৈ প্ৰয়োজনীয়। আজিৰ দিনটোত ঘৰুৱা বজাৰত সোণৰ দাম স্বাভাৱিকভাৱে হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কিলোত ৯৫ টকাকৈ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ প্ৰভাৱ বৰ্তমান বজাৰত দেখা গৈছে।
দিল্লীৰ সোণ–ৰূপৰ বজাৰত মঙলবাৰৰ দিনটোত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯ টকাকৈ হ্ৰাস পায়। আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোত ৯৫ টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল। চৰাফা বজাৰত বিগত বাণিজ্যৰ সময়ত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৬,৯০৯ টকাত সমাপ্ত হৈছিল। ৰূপৰ বাণিজ্য বন্ধ হৈছিল প্ৰতি কিলোগ্ৰামত ৬৯,৪৩৫ টকা দৰত। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ক্ষীপ্ৰভাৱে বৃদ্ধি পালেও ৰূপৰ মুল্য স্থিৰ হৈ আছে।
বিভিন্ন কাৰক যেনে ক্ৰয়, বিক্ৰয়, উৎপাদন, চাহিদাৰ আদিৰ বাবে এই মূল্যবান ধাতুসমূহৰ মূল্যৰ উত্থান-পতন দেখা যায়। শেহতীয়া তেলৰ মূল্য বৃদ্ধিও ইয়াৰ এটা কাৰণ। এই খনিসমূহ চলাবলৈ যথেষ্ট পৰিমাণৰ ইন্ধনৰ প্ৰয়োজন হয়। সেয়েহে বৰ্তমান তেলৰ মূল্যৰ অস্থিৰতাৰ ফলটো সোণ-ৰূপৰ মূল্যৰ অস্থিৰতা দেখা গৈছে।

সোণৰ তুলনাত ৰূপৰ মূল্য কম সেয়েহে ইয়াত অধিক সংখ্যক বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ সম্ভাৱনা থাকে আৰু এইখন এখন বৃহৎ বজাৰ। এই কাৰকৰ ফলটো মূল্যৰ অস্থিৰতা দেখা যায়।
ডলাৰ মূল্যৰ অস্থিৰতা সোণ-ৰূপৰ মূল্য নিৰ্ধাৰণৰ আন এক কাৰ্ক হিচাপে বিবেচিত হয়। ডলাৰৰ মূল্যৰ তুলনাত ভাৰতীয় টকাৰ উত্থান পতানৰ সৈতে আমদানি-ৰপ্তানি ব্যয় জডিত হৈ থাকে। ব্যয় বৃদ্ধি হ’লে সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ইয়াৰোপৰি ডলাৰৰ মূল্যৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাসেও সোণ-ৰূপৰ মূল্যত প্ৰভাৱ পেলায়।
First published: February 17, 2021, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি