• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ভাল খবৰ ! সোণৰ মূল্যৰ লগতে হোৰা–হোৰে কমিল ৰূপৰ মূল্য, চাওক নতুন মূল্য

ভাল খবৰ ! সোণৰ মূল্যৰ লগতে হোৰা–হোৰে কমিল ৰূপৰ মূল্য, চাওক নতুন মূল্য

ঘৰুৱা বজাৰত পুনৰ হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য | প্ৰতিকেজিত ৩ হাজাৰ টকা হ্ৰাস পাইছে ৰূপৰ মূল্য | বিশেষজ্ঞসকলৰ মত্ আমেৰিকাৰ পেকেজত পলম হোৱাৰ বাবে আৰু মোডী চৰকাৰৰ বাজেটত শুল্ক হ্ৰাস কৰা বাবেই হ্ৰাস পাইছে মূল্যবান ধাতুৰ মূল্য |

  • Share this:
সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে নিতৌ আহিছে ভাল খবৰ। ভাৰতীয় বজাৰত পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য।

২ ফেব্ৰুৱাৰীত দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যত ৪৮০ টকা হ্ৰাস পাইছে । প্ৰতি কেজি ৰূপৰ মূল্যও ৩ হাজাৰ টকালৈ হ্ৰাস পাইছে। পূৰ্বৰ হিচাপত দিল্লীৰ সৰোফা বজাৰত ১০ গ্ৰাম সোণৰ মূল্য ৪৮,১৮২ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য হৈছিল ৭৩,২১৯ টকা । ইপিনে আন্তঃৰাষ্ট্ৰীয় বজাৰতো হ্ৰাস পাইছে ৰূপৰ মূল্য।

সোণৰ নতুন মূল্য দিল্লীৰ বজাৰত মঙলবাৰে প্ৰতি ১০ গ্ৰামত ৪৮০ টকা হ্ৰাস পাইছিল । ৰাজধানীখনত ৯৯.৯% বিশুদ্ধ সোণৰ মূল্য প্ৰতি গ্ৰামত এতিয়া ৪৭,৭০১ টকা। যি পূৰ্বে আছিল প্ৰতি ১০ গ্ৰামত ৪৮,১৮২ টকা। ইয়াৰ বিপৰীতে আজি আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য প্ৰতি আউন্সত ১,৮৪৭ ডলাৰলৈ হ্ৰাস পাইছে।

অন্যহাতে ৰূপৰ নতুন মূল্য মঙলবাৰে অত্যাধিক হাৰত হ্ৰাস পায়। প্ৰতি কেজি ৰূপৰ মূল্যত ৩,০৯৭ টকা হ্ৰাস পোৱাৰ ফলত ইয়া মূল্য হয়গৈ ৭০,১২২ টকা। আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰূপৰ মূল্য হ্ৰাস পাই প্ৰতি আউন্সত ২৭.৫০ ডলাৰ হয়।

কিন্তু কিহৰ বাবে সোণ আৰু ৰূপৰ মূল্যত এনে পতন?

এইচ ডি এফ চি চিকিউৰিটিজৰ জ্যেষ্ঠ বিশ্লেষক তপন পেটেলৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰই উদগনি যোগোৱা পেকেজত পলম হোৱাৰ বাবে সোণৰ মূল্য হ্ৰাস পাইছে। আনফালে, মতিলাল অছৱাল ফাইনেন্সিয়েল চাৰ্ভিচেচ ভিপি কমোডিটিছ নৱনীত দাচানিয়ে এই সম্পৰ্কত কয় যে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১ৰ বাজেটত সোণৰ ওপৰত শুল্ক হ্ৰাসৰ ঘোষণা কৰিছে যাৰ বাবে সোণৰ মূল্যত বিনিয়োগকাৰীসকলে উচ্চ হাৰত লাভলাভ কৰিছে। সেয়েহে, সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছে।

লক্ষ্যণীয় দিশটো হ'ল যে,বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত সোণ আৰু ৰূপৰ ওপৰত আমদানি শুল্ক হ্ৰাসৰ ঘোষণা কৰিছিল। সোণ-ৰূপৰ ওপৰত আমদানি শুল্ক ৫ শতাংশ হ্ৰাস কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিততে, সোণ-ৰূপৰ আমদানি শুল্ক ১২.৫ শতাংশৰ পৰা ৫ শতাংশ হ্ৰাস হৈ মাত্ৰ ৭.৫ শতাংশ হয়। যাৰ বাবে সোণ আৰু ৰূপৰ মূল্য এনেদৰে হ্ৰাস পোৱা দেখিবলৈ পোৱা হৈছে।

সস্তীয়া সোণ ক্ৰয় কৰাৰ সুযোগ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে -

কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম গোল্ড বণ্ড পুনৰ বিনিয়োগকাৰীসকলৰ বাবে মুকলি কৰা হৈছে। আপুনিও এই আঁচনিত ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰী,২০২১ৰ ভিতৰত বিনিয়োগ কৰিব পাৰে। ৰিজাৰ্ভ বেঙ্ক অফ ইণ্ডিয়াই এইবাৰ সোণৰ সদস্যতাৰ মূল্য প্ৰতি গ্ৰামত ৪,৯১২ টকা নিৰ্ধাৰণ কৰিছে। এইটো সাৰ্বভৌম গোল্ড বণ্ড আঁচনি ২০২০-২১ৰ ১১সংখ্যকৰ প্ৰয়াস ।
First published:

শেহতীয়া বাতৰি