• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Gold-Silver Price Today : সপ্তাহৰ প্ৰথমটো দিনতে হ্ৰাস পালে সোণৰ দাম, কমিল ৰূপৰ দামো

Gold-Silver Price Today : সপ্তাহৰ প্ৰথমটো দিনতে হ্ৰাস পালে সোণৰ দাম, কমিল ৰূপৰ দামো

ৰূপৰ দাম আজি এমচিএক্সত ০.৩২ শতাংশ হ্ৰাস পাইছে। বিগত ব্যৱসায়িক ছেছনত ৰূপৰ দৰ ০.০৮ শতাংশ হ্ৰাসত বন্ধ হৈছিল।

ৰূপৰ দাম আজি এমচিএক্সত ০.৩২ শতাংশ হ্ৰাস পাইছে। বিগত ব্যৱসায়িক ছেছনত ৰূপৰ দৰ ০.০৮ শতাংশ হ্ৰাসত বন্ধ হৈছিল।

ৰূপৰ দাম আজি এমচিএক্সত ০.৩২ শতাংশ হ্ৰাস পাইছে। বিগত ব্যৱসায়িক ছেছনত ৰূপৰ দৰ ০.০৮ শতাংশ হ্ৰাসত বন্ধ হৈছিল।

  • Share this:
সোণ–ৰূপৰ গহণা কিনিব বিচৰাসকলৰ বাবে ভাল খবৰ। সপ্তাহটোৰ প্ৰথমটো দিনতে কমিল সোণ–ৰূপৰ দাম। ভাৰতীয় বজাৰত আজি অৰ্থাৎ ২১ নৱেম্বৰত সোণৰ দাম হ্ৰাস পাইছে। ৰূপৰ দামো কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰতো আজি সোণ আৰু ৰূপৰ দাম অৱনমিত হৈছে। মাল্টী কমডিটী এক্সচেঞ্জ (MCX)ত আজি সোণৰ দাম ০.০৭ শতাংশ হ্ৰাস পাই ব্যৱসায় কৰি আছে। বিগত ব্যৱসায়ত সোণৰ দাম এমচিএক্সত ০.৩৭ শতাংশ হ্ৰাসৰ সৈতে বন্ধ হৈছিল। আনহাতে, ৰূপৰ দাম আজি এমচিএক্সত ০.৩২ শতাংশ হ্ৰাস পাইছে। বিগত ব্যৱসায়িক ছেছনত ৰূপৰ দৰ ০.০৮ শতাংশ হ্ৰাসত বন্ধ হৈছিল।

সোমবাৰে ২৪ কেৰেট শুদ্ধতাৰ সোণৰ দাম ৯.০৫ বজালৈ ৩৮ টকা হ্ৰাসৰ সৈতে ৫২,৫৫০ টকা প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰি আছে। সোণর দাম আজি ৫২,৫০৮ টকাত খুলিছিল। খোলাৰ কিছু সময় পিছতে কিছু বৃদ্ধি পাই ৫২,৫৫০ টকা হয়।

মাল্টী কমডিটী এক্সচেঞ্জত আজি ৰূপৰ দাম হ্ৰাস পাইছে। ৰূপৰ দাম আজি ১৯৭ টকা হ্ৰাস পাই ৬০,৬৭৮ টকাত ব্যৱসায় কৰি আছে। ৰূপৰ দাম ৬০,৫৮০ টকাত খুলিছিল। এবাৰ দৰ ৬২,৬৮০ টকালৈ ঊৰ্ধ্বগামী হৈছিল যদিও পিছত হ্ৰাস পাই ৬০,৬৭৮ টকা হয়। বিগত ব্যৱসায়িক ছেছনত ৰূপৰ দাম ৬০,৯৫০ টকা প্ৰতি কিলোগ্ৰামত বন্ধ হৈছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি