আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অনুৰূপ স্থানীয় বজাৰতো সোণৰ মূল্য বাঢ়িছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অনুৰূপ স্থানীয় বজাৰতো সোণৰ মূল্য বাঢ়িছে।
- News18
- Last Updated :
সোণৰ দাম কমাৰ ধাৰা সোমবাৰে স্তব্ধ হ’ল। দিল্লীৰ সৰৌফা বজাৰত সোণৰ মূল্য ১৩০টকা বাঢ়ি প্ৰতি দহ গ্ৰামত ৩৮,৬৯০ টকা হৈছে। শণিবাৰে ২৪কেৰেট সোণৰ প্ৰতি দহ গ্ৰামত মূল্য ৩৮,৫৬০টকা আছিল। আনহাতে ৰূপৰ মূল্য বাঢ়িছে, ৯০০ টকা বাঢ়ি প্ৰতি কিলোগ্ৰামত ৪৭,৯৯০টকা হৈছে ৰূপৰ মূল্য। শেহতীয়া বজাৰৰ দৰ অনুসৰি প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য আছিল ৪৭,০৯০টকা।
আন্তঃৰাষ্ট্ৰীয় বজাৰত নিউয়ৰ্কত সোণৰ মূল্য প্ৰতি আউন্সত বাঢ়ি ১,৫১৮টকা হৈছে। আনহাতে ৰূপৰ মূল্য প্ৰতি আউন্সত ১৭.৮৭টকা হৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|