Gold Price Today: ১০ হাজাৰ টকা পৰ্যন্ত হ্ৰাস পাইছে সোণৰ মূল্যত, জানি লওক সবিশেষ

News18 Assam | News18-Assam
Updated:April 9, 2021, 9:34 PM IST
Gold Price Today: ১০ হাজাৰ টকা পৰ্যন্ত হ্ৰাস পাইছে সোণৰ মূল্যত, জানি লওক সবিশেষ
Gold Price Today: সোণ ক্ৰেতাসকলৰ বাবে ভাল খবৰ। আকৌ হ্ৰাস পাইছে সোণৰ মূল্য।

Gold Price Today: সোণ ক্ৰেতাসকলৰ বাবে ভাল খবৰ। আকৌ হ্ৰাস পাইছে সোণৰ মূল্য।

  • Share this:
সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে যদি সোনকাল কৰক! আকৌ হ্ৰাস পাইছে সোণ মূল্য। শুকুৰবাৰে পুৱা মাল্টি কমোডিটি এক্সচেঞ্জ (Multi Commodity Exchange)ত সোণৰ মূল্য পুনৰ হ্ৰাস পাইছে। লগতে ৰূপো (Silver Price Today) সস্তা হৈ পৰিছে। প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যত ০.১ শতাংশ হ্ৰাস পাই ৪৬,৭৯৩ টকা হৈছেগৈ।

২০২০ চনৰ আগষ্টত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫৬,২০০ টকাৰ অভিলেখ স্তৰত উপনীত হৈছিল। কিন্তু তাৰ পিছৰ পৰাই ক্ৰমান্বৰে হ্ৰাস পাই আহে সোণৰ মূল্য।  আৰু এতিয়ালৈকে প্ৰায় ১০,০০০ টকা পৰ্যন্ত হ্ৰাস পাইছে সোণৰ মূল্য। বৃহস্পতিবাৰে দিল্লী চৰাফা বজাৰত সোণ প্ৰতি ১০ গ্ৰামত ১৮২ টকাকৈ সামান্য বৃদ্ধি পাইছিল।



ৰাজধানী দিল্লীত সোণৰ মূল্য:

>> ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৫,১৬০ টকা

>> ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৯,২৬০ টকা

>> ৰূপৰ মূল্য প্ৰতি কেজিত ৬৭,৫০০ টকা

আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণঃ

শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত স্পট সোণৰ ব্যৱসায় প্ৰতি আউন্সত ১,৭৫৫.৯১ ডলাৰত সমতল আছিল। অন্যান্য মূল্যৱান ধাতুবোৰৰ ভিতৰত, ৰূপৰ মূল্য ২৫.৪৫ ডলাৰত সমতল আছিল।
Published by: Himangshu Bhuyan
First published: April 9, 2021, 9:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি