Gold Price Today : সামান্য বৃদ্ধি পালে সোণ আৰু ৰূপৰ মূল্য, বজাৰত আজি সোণ-ৰূপৰ মূল্য জানক

২০২০ চনৰ আগষ্ট মাহত চৰাফা বজাৰত সোণৰ স্পট মূল্য প্ৰতি ১০ গ্ৰামত ৫৭,০০৮ টকা স্পৰ্শ কৰিছিল।
২০২০ চনৰ আগষ্ট মাহত চৰাফা বজাৰত সোণৰ স্পট মূল্য প্ৰতি ১০ গ্ৰামত ৫৭,০০৮ টকা স্পৰ্শ কৰিছিল।
- News18 Assam
- Last Updated: April 6, 2021, 3:02 PM IST
আজি দিল্লীৰ চৰাফা বজাৰত (Delhi Saraffa Bazar) সোণৰ মূল্য বৃদ্ধি পাইছে। সোণ আজি প্ৰতি ১০ গ্ৰামত ০.৪০% বৃদ্ধি হৈ ৪৫,৫৩০ টকা হৈছে। আন্তৰ্জাতিক বজাৰত সোণ ০.৩% বৃদ্ধি হৈ প্ৰতি আউন্সত ১,৭৩৩.৩১ ডলাৰ হয়।
আজি এমচিএক্সত ৰূপৰ মূল্যও বৃদ্ধি পাইছে। ৰূপ প্ৰতি কিলোগ্ৰামত ০.৬৮% বৃদ্ধি হৈ ৬৫,০০৩ টকা হয়। আন্তৰ্জাতিক বজাৰত ৰূপৰ মূল্য ০.৩% বৃদ্ধি হৈ ২৪.৯৬ ডলাৰ হয়, আনহাতে পেলেডিয়াম (Palladium) ০.৩% হ্ৰাস হৈ প্ৰতি আউন্সত ২,৬৫৭.৬৬ ডলাৰ হয়।
২০২০ চনৰ আগষ্ট মাহত চৰাফা বজাৰত সোণৰ স্পট মূল্য প্ৰতি ১০ গ্ৰামত ৫৭,০০৮ টকা স্পৰ্শ কৰিছিল। ই সোণৰ সৰ্বকালৰ সৰ্বাধিক স্তৰ। এতিয়া স্পট বজাৰত সোণৰ মূল্য ২২ শতাংশ সস্তা হৈছে।
HDFC Securities জ্যেষ্ঠ বিশ্লেষক (Commodities) তপন পেটেল (Tapan Patel)ৰ মতে, আন্তৰ্জাতিক বজাৰত সোণৰ মূল্যত চলি থকা বৃদ্ধিৰ প্ৰভাৱ ভাৰতীয় চৰাফা বজাৰত দেখা গৈছে। ইফালে, শ্বেয়াৰ বজাৰত কোৰোণা ভাইৰাছ (Corona Virus)ৰ নতুন ঘটনা বৃদ্ধি পাইছে। আজি নিউয়ৰ্ক কমোডিটি এক্সচেঞ্জত সোণৰ ব্যৱসায় কম হৈছে। সোণৰ মূল্য ভাৰতীয় বজাৰত সামান্য হ্ৰাস পাইছে।