উত্‍সৱৰ বতৰত সলনি হ’ল সোণৰ দাম, এতিয়া ১০ গ্ৰাম সোণত হ’লগৈ ইমান টকা?

News18 Assam | News18-Assam
Updated:October 17, 2020, 12:02 PM IST
উত্‍সৱৰ বতৰত সলনি হ’ল সোণৰ দাম, এতিয়া ১০ গ্ৰাম সোণত হ’লগৈ ইমান টকা?
ক্ৰমাগত তিনিটা দিন সোণৰ দাম হ্ৰাস পোৱাৰ পিছত আজি পুনৰ বৃদ্ধি পালে সোণৰ দাম।

ক্ৰমাগত তিনিটা দিন সোণৰ দাম হ্ৰাস পোৱাৰ পিছত আজি পুনৰ বৃদ্ধি পালে সোণৰ দাম।

  • Share this:
ক্ৰমাগত তিনিটা দিন সোণৰ দাম হ্ৰাস পোৱাৰ পিছত আজি পুনৰ বৃদ্ধি পালে সোণৰ দাম। শুকুৰবাৰে দিল্লীৰ বজাৰত সোণৰ দামত পৰিৱৰ্তন আহিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম বৃদ্ধি হোৱাৰ প্ৰভাৱ এতিয়া ঘৰুৱা বজাৰতো পৰিছে।

সোণৰ নতুন দামঃ শুকুৰবাৰে দিল্লীৰ বজাৰত প্ৰতি ১০ গ্ৰাম সোণৰ দামত ৩২৪ টকা বৃদ্ধি পালে। ইয়াৰ লগে লগে প্ৰতি ১০ গ্ৰাম সোণৰ দাম হ’লগৈ ৫১,৭০৪ টকা।



ৰূপৰ নতুন দামঃ সোণৰ দৰে ৰূপৰ দামতো আজি পৰিৱৰ্তন দেখিবলৈ পোৱা গ’ল। দিল্লীৰ বজাৰত আজি প্ৰতি কেজি ৰূপৰ দামত ১,৫৯৮ টকা বৃদ্ধি পালে। ইয়াৰ লগে লগে প্ৰতি কেজি ৰূপৰ দাম হ’লগৈ ৬২,৯৭২ টকা।

কিয় বাঢ়িল সোণৰ দামঃ এইচ চি এফ চি চিকিউৰিটীৰ চিনিয়ৰ এনালিষ্ট তপন পাটেলে কোৱা মতে, শুকুৰবাৰে দিল্লীৰ বজাৰত দুয়োবিধ ধাতুৰ দাম বৃদ্ধি পোৱাৰ কাৰণ হ’ল কোৰোণা ভাইৰাছৰ সংক্ৰমণ। বহুকেইখন ইউৰোপীয় দেশত ল’ক ডাউন নতুনকৈ আৰম্ভ হোৱাৰ ফলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত পৰে ইয়াৰ প্ৰভাৱ।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 12:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading