বিগত সপ্তাহত সোণ আৰু ৰূপৰ দাম কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল। এই ব্যৱসায়িক সপ্তাহৰ প্ৰথমটো দিনত মূল্য ভাৰতীয় ছৰাফা বজাৰত সোণ–ৰূপৰ মূল্য কি চলিছে তালৈ দৃষ্টি নিবদ্ধ আছে সকলোৰে।
উল্লেখযোগ্য যে IBJAই শনিবাৰ–দেওবাৰ আৰু ঘোষিত বন্ধৰ দিন বাদ দি প্ৰতিদিনে সোণ–ৰূপৰ মূল্য নিৰ্ধাৰণ কৰে। ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ গহণাৰ খুচুৰা দৰ জানিবলৈ 8955664433 মিছ কল দিব পাৰে। কিছু সময় পিছত এছএমএছৰ জৰিয়তে দাম লাভ কৰিব। ইয়াৰ উপৰি ধাৰাবাহিক আপডেটৰ বাবে Www.Ibja.Co বা Ibjarates.Com চাব পাৰে।
শুকুৰবাৰে সোণ প্ৰতি ১০ গ্ৰামত ৭৭৯ টকা বৃদ্ধি হৈ ৪৮,৪৬৬ টকা আছিল। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সোণ ৪৭,৬৮৭ টকা প্ৰতি ১০ গ্ৰাম আছিল। শুকুৰবাৰে সোণৰ সৈতে ৰূপৰ দামো বৃদ্ধি হৈছিল। শুকুৰবাৰে ৰূপ ৩০৪ টকা প্ৰতি কিলোগ্ৰামত বৃদ্ধি হৈ ৬৩,৬১২ টকা হৈছিল।
১৪ৰ পৰা ২৪ কেৰেট সোণৰ শেহতীয়া দৰ
বৃহস্পতিবাৰে ভাৰতীয় ছৰাফা বজাৰত ২৪ কেৰেট সোণৰ দাম ৪৮,৪৬৬ টকা প্ৰতি ১০ গ্ৰাম, ২৩ কেৰেট সোণৰ দাম ৪৮,২৭২ টকা প্ৰতি ১০ গ্ৰাম, ২২ কেৰেট সোণৰ দাম ৪৪,৩৯৫ টকা প্ৰতি ১০ গ্ৰাম, ১৮ কেৰেট সোণৰ দাম ৩৬,৩৫০ প্ৰতি ১০ গ্ৰাম আৰু ১৪ কেৰেট সোণৰ দাম প্ৰায় ২৮,৩৫৩ টকা প্ৰতি ১০ গ্ৰামত আছিল।
সৰ্বকালৰ শীৰ্ষ দামতকৈ সোণ ৭৭৩৪ টকা আৰু ৰূপ ১৬৪৬৮ টকা সস্তা
বৰ্তমান সোণৰ দাম সৰ্বকালৰ শীৰ্ষ দামতকৈ বহু হ্ৰাস পাইছে। বিগত বৰ্ষৰ আগষ্টত ইয়াৰ দাম আছিল ৫৬২০০ টকা প্ৰতি ১০ গ্ৰামত। এয়া এক অভিলেখ আছিল। এতিয়া ৪৮৪৬৬ টকা হৈছেগৈ দাম। অৰ্থাৎ নিজৰ সৰ্বোচ্চ দামতকৈ ৭৭৩৪ টকা প্ৰতি ১০ গ্ৰামত লাভ কৰিব সোণ। আনহাতে ৰূপ সৰ্বোচ্চ দামতকৈ ১৬৩৬৮ টকা প্ৰতি কিলোগ্ৰামত কমত লাভ কৰিব। ৰূপৰ বৰ্তমানলৈ সৰ্বোচ্চ দাম হ’ল ৭৯৯৮০ টকা প্ৰতি কিলোগ্ৰামত।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|