உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Gold Silver Price Today- এইটো বিশেষ কাৰণত সোণৰ দাম আকৌ বাঢ়িছে, জানক ১০গ্ৰামৰ নতুন দাম

    Gold Silver Price Today- এইটো বিশেষ কাৰণত সোণৰ দাম আকৌ বাঢ়িছে, জানক ১০গ্ৰামৰ নতুন দাম

    Gold Silver Price Today-সোণ আৰু ৰূপৰ নতুন মূল্য জাৰি কৰা হৈছে। টকা দুৰ্বল হৈ পৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰত দাম বৃদ্ধি হোৱাৰ কাৰণে ঘৰুৱা বজাৰত সোণৰ দাম বৃদ্ধি পাইছে। 

    • Share this:
    নতুন দিল্লীঃ সপ্তাহটোৰ প্ৰথম দিনটোত সোণৰ মূল্য তীব্ৰ গতিৰে বৃদ্ধি পোৱা দেখা গৈছে। দুৰ্বল আমেৰিকাৰ ডলাৰৰ লগতে ঘৰুৱা বজাৰত ভাৰতীয় টকাৰ দুৰ্বল হৈছে। এই কাৰণত সোণৰ দাম আন্তঃৰাষ্ট্ৰীয় স্তৰত বৃদ্ধি পাইছে। দিল্লীৰ সোণ–ৰূপৰ বজাৰত ১০ গ্ৰাম সোণৰ মূল্য ১৬১টকা বাঢ়িছে। আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮০০টকা বাঢ়িছে।

    বিশেষজ্ঞৰ মতে, ভাৰত–চীনৰ মাজত সংঘাতময় পৰিস্থিতিৰ কাৰণে সোণৰ মূল্য ঘৰুৱা বজাৰত সোণৰ দাম আকাশলংঘী হ’ব পাৰে। ভাৰতত সোণৰ মূল্য ৭ আগষ্টত প্ৰতি দহ গ্ৰামত ৫৬,২০০টকাৰ ৰেকৰ্ড স্তৰ পাইছিলগৈ। কিন্তু ইয়াৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় স্তৰত উত্থান–পতনৰ কাৰণে সোণৰ মূল্যও অস্থিৰ হৈ আছে। আগষ্ট মাহত ঘৰুৱা বজাৰত সোণৰ দাম ৪০০০টকা প্ৰতি দহ গ্ৰামত হ্ৰাস পাইছিল।

    ইয়াৰ মাজতে সোমবাৰে প্ৰায় দুসপ্তাহৰ ভিতৰত সৰ্বাধিক মূল্য হৈছে। আগন্তুক সময়তো সোণৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা ক্ষীণ।

    HDFC ছিকিউৰিটিজিৰ মতে, সোমবাৰে দিল্লীৰ সোণ–ৰূপৰ বজাৰত ২৪ কেৰেট সোণৰ দহ গ্ৰামত মূল্য ৫২,৪৭৭টকাৰ পৰা বাঢ়ি ৫২৬৩৮ টকা হৈছিল। আনহাতে মুম্বাইত ৯৯.৯ বিশুদ্ধতাৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫১৪০৫ টকা হৈছিল।

    ৰূপৰ নতুন মূল্য মতে দিল্লীৰ সোণ–ৰূপৰ বজাৰত এক কিলোগ্ৰাম ৰূপৰ মূল্য ৬৭২৯৫ টকাৰ পৰা বাঢ়ি ৬৮০৯৫টকা হৈছে। আনহাতে, মুম্বাইত ৰূপৰ মূল্য হ্ৰাস পাই কিলোগ্ৰামত ৬৬৫১৬টকা হৈছে।

    আনহাতে গুৱাহাটীত সোমবাৰে ২৪ কেৰেট সোণৰ মূল্য আছিল প্ৰতি দহ গ্ৰামত ৫৫৬২০  টকা আৰু ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬৬৩৭০ টকা। (কৰ অতিৰিক্ত)
    First published: