உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সৰ্বোচ্ছ হাৰৰ পৰা ৬,০০০টকা পৰ্যন্ত সস্তা হ’ল সোণ, জানক দীপাৱলীলৈকে কেনেকুৱা হ’ব পাৰে দৰ

    সৰ্বোচ্ছ হাৰৰ পৰা ৬,০০০টকা পৰ্যন্ত সস্তা হ’ল সোণ, জানক দীপাৱলীলৈকে কেনেকুৱা হ’ব পাৰে দৰ

    বিগত দুমাহত টকা মজবুত হোৱাৰ কাৰণে সোণৰ দাম হ্ৰাস পাবলৈ লৈছে।

    বিগত দুমাহত টকা মজবুত হোৱাৰ কাৰণে সোণৰ দাম হ্ৰাস পাবলৈ লৈছে।

    বিগত দুমাহত টকা মজবুত হোৱাৰ কাৰণে সোণৰ দাম হ্ৰাস পাবলৈ লৈছে।

    • Share this:
    নতুন দিল্লীঃ ভাৰতীয় বজাৰত সোণ–ৰূপৰ মূল্য (Gold-Silver Price Today)একেৰাহে হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। সোমবাৰে মাল্টি–কম’ডিটি এক্সচেঞ্জত (MCX - Multi-Commodity Exchange) সোণৰ প্ৰস্তাৱিত মূল্য ০.৯শতাংশ হ্ৰাস পাই প্ৰতি দহ গ্ৰামত ৫০,১৩০টকা হোৱা দেখা গৈছিল। আনহাতে ৰূপৰ প্ৰস্তাৱিত মূল্য ০.৮৮ শতাংশ হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ৬০,৬০৫ আছিল। ইয়াৰ পূৰ্বে শুকুৰবাৰে সোণৰ দৰ ০.৪শতাংশ বৃদ্ধি পাই বন্ধ হৈছিল। একেদিনাই ৰূপৰ দৰ ১.৬শতাংশ বৃদ্ধি পোৱা দেখা গৈছিল। আগষ্ট মাহত সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫৬,২০০টকাৰ উচ্চতম হাৰ পাইছিলগৈ। এই সময়চোৱাতে ৰূপৰ দামো প্ৰতি কিলোগ্ৰামত ৮০,০০০টকা পাৰ হৈছিল।

    আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অৱস্থা কি?
    আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কথা ক’বলৈ গ’লে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাস্থ্যৰ (Donald Trump) ওপৰত বিনিয়োগকৰ্তাসকলৰ দৃষ্টি নিৱদ্ধ হৈ আছে। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম প্ৰতি আউন্সত ১,৯০০ডলাৰত স্থিৰ আছিল। বিগত কিছু সময় ধৰি সোণৰ মূল্যৰ ওপৰত ডলাৰ শক্তিশালী হোৱাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। কিন্তু সোমবাৰে দুৰ্বল ডলাৰৰ কাৰণে বিনিয়োগকৰ্তাসকলে সোণ ক্ৰয় কৰিবলৈ সুবিধা পায়।

    উল্লেখ্য যে, কোৰোণা ভাইৰাছৰ সংহাৰৰ কাৰণে বিশ্বজুৰি বজাৰৰ অৱস্থা বেয়া হোৱা দেখিবলৈ পোৱা গৈছিল যদিও বৰ্তমান ইয়াত স্থিৰতা দেখিবলৈ পোৱা গৈছে। অৰ্থনৈতিক গতিবিধি আৰম্ভ হোৱাৰ লগে লগে বজাৰতো এতিয়া ৰিকভাৰী হোৱা দেখিবলৈ পোৱা গৈছে। কাৰেন্সী আৰু কম’ডিটি বজাৰ (Commodity Market)ত ভাল ব্যৱসায় দেখিবলৈ পোৱা গৈছে। এই কাৰণতে ঘৰুৱা সোণ–ৰূপৰ বজাৰত সোণৰ দাম ৩০ছেপ্তেম্বৰৰ দৰৰ হিচাপত প্ৰতি দহ গ্ৰামত ৫,৬৮৪টকা হ্ৰাস হোৱা দেখা গৈছে। আনহাতে ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ১৬,০৩৪টকা হ্ৰাস হোৱা দেখা গৈছে।

    দীপাৱলীলৈকে কেনেকুৱা হ’ব পাৰে সোণৰ দাম?

    জনাসকলৰ মতে সোণৰ দাম হ্ৰাস পোৱাৰ অৰ্থ এইটো নহয় যে সোণ আগৰ স্তৰত আহি পৰিব। যদি শ্বেয়াৰ বজাৰৰ নিচিনাকৈ সোণৰো দৰৰ উত্থান–পতন চাইছে তেনেহ’লে আপুনি ভুল কৰিছে। বৰ্তমান সোণৰ দাম ৫০,০০০টকা আৰু ৰূপৰ দাম ৬০,০০০টকাৰ পৰিধিত আছে। আগন্তুক সময়ত এই দামৰ তাৰতম্য দেখিবলৈ পোৱা যাব পাৰে। খবৰ ৰাখোতাসকলৰ মতে দীপাৱলীলৈকে সোণৰ মূল্যৰ কোনো বৃহৎ উত্থান বা পতন দেখা পোৱা নাযাব। দীপাৱলীতো সোণৰ মূল্য ৫০ৰ পৰা ৫২হাজাৰ টকা প্ৰতি দহ গ্ৰামত থাকিব।
    First published: