Gold Price Today: আজি আকৌ হ্ৰাস পালে সোণৰ দাম, ৰূপৰ দামতো পৰিৱৰ্তন, জানি লওক সবিশেষ

News18 Assam | News18-Assam
Updated:March 12, 2021, 3:06 PM IST
Gold Price Today: আজি আকৌ হ্ৰাস পালে সোণৰ দাম, ৰূপৰ দামতো পৰিৱৰ্তন, জানি লওক সবিশেষ
ভাৰতীয় বজাৰত একেৰাহে হ্ৰাস পাই আছে সোণৰ দাম। সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে এয়াই উপযুক্ত সময়।

ভাৰতীয় বজাৰত একেৰাহে হ্ৰাস পাই আছে সোণৰ দাম। সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে এয়াই উপযুক্ত সময়।

  • Share this:
ভাৰতীয় বজাৰত আজি আকৌ হ্ৰাস পালে সোণৰ দাম। শুকুৰবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যত ০.৩ শতাংশ হ্ৰাস পাই ৪৪,৭৩১ টকা হৈছেগৈ। সেইদৰে ০.৫ শতাংশ দাম হ্ৰাস পাই প্ৰতি কেজি ৰূপৰ মূল্য ৬৭,১১৭ টকা হৈছেগৈ।

চলিত বৰ্ষত সোণৰ মূল্য ব্যাপক ভাবে হ্ৰাস পাইছে। এই বছৰৰ আৰম্ভণিৰে পৰা ভাৰতত সোণৰ মূল্য প্ৰায় ৫,০০০ টকা হ্ৰাস পাইছে। আগষ্টত সৰ্বোচ্চ স্তৰৰ তুলনাত, সোণৰ মূল্য এতিয়ালৈকে ১১, ৫০০ টকা হ্ৰাস পাইছে। ২০২০ চনৰ ৭ আগষ্টত প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য সৰ্বোচ্চ স্তৰত ৫৭,০০৮ টকা আছিল।



বজাৰ বিশেজ্ঞৰ মতে, "যেতিয়ালৈকে মূল্য ১৭৬০ ডলাৰতকৈ তলত থাকিব তেতিয়ালৈকে গতি দুৰ্বল দিশত থকাৰ সম্ভাৱনা আছে। এমচিএক্স গোল্ডৰ সমৰ্থন ৪৩,৪৫০ স্তৰত থাকিব পাৰে, আনহাতে ফেচ ৰেচিছটেঞ্চ ৪৫,২০০ স্তৰ সমৰ্থন কৰিব পাৰে।

বিশেষজ্ঞসকলে কয় যে, যিহেতু কোৰোণা ভেকচিন অভিযানে সমগ্ৰ বিশ্বত গতি লাভ কৰিছে। আৰু মানুহে আন বিনিয়োগৰ বিকল্পৰ দিশলৈ ঘূৰি আছে। ইয়াৰ ফলত সোণৰ মূল্য হ্ৰাস পাইছে।
Published by: Himangshu Bhuyan
First published: March 12, 2021, 3:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি