এতিয়াই ক্ৰয় নকৰিব, কেইদিনমান ৰৈ দিয়ক! নতুন বছৰৰ আৰম্ভণিতে ১৮০০ টকাতকৈও সস্তা হ’ব পাৰে সোণৰ মূল্য!

News18 Assam | News18-Assam
Updated:December 20, 2019, 12:41 PM IST
এতিয়াই ক্ৰয় নকৰিব, কেইদিনমান ৰৈ দিয়ক! নতুন বছৰৰ আৰম্ভণিতে ১৮০০ টকাতকৈও সস্তা হ’ব পাৰে সোণৰ মূল্য!
Source-Google

সোণৰ মূল্য ৫ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে

  • News18 Assam
  • Last Updated: December 20, 2019, 12:41 PM IST
  • Share this:
আগন্তুক নতুন বছৰত সোণত দাম কম হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে ডিচেম্বৰ মাহতেই ইয়াৰ অনুমান পোৱা গৈছে। বিশেষজ্ঞ সকলে কৈছে যে, আমেৰিকা আৰু চীনৰ মাজত হোৱা ট্ৰেড চুক্তিৰ বাবে সোণৰ মূল্য আগতকৈও কম হোৱাৰ সম্ভাৱনা আছে। বিগত পাঁচ বছৰৰ পিছত প্ৰথমবাৰ ৰিটাৰ্ণ ৰেচত ছেনচেক্স সোণতকৈ পিছ পৰিছে। কিন্তু আগন্তুক নতুন বছৰত পুণৰ ছেনচেক্স আৰু নিফ্টীত ১৫ শতাংশতকৈও অধিক ৰিটাৰ্ণৰ অনুমান কৰা হৈছে। ফলস্বৰূপে সোণৰ মূল্য ৫ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

২০২০ চনত সোণৰ ব্যৱসায়ী আৰু কম’ডিটি এক্সপাৰ্টছে মাৰ্চ মাহ পৰ্যন্ত সোণৰ মূল্য হ্ৰাস পোৱাৰ অনুমান কৰিছে। বিশেষজ্ঞ সকলে উল্লেখ কৰে যে, ‘ট্ৰেড ৱাৰ’ক লৈ আমেৰিকা আৰু চীনৰ মাজত হোৱা বুজাবুজিয়ে সোণৰ মূল্যত বিশেষ প্ৰভাৱ পেলাব। সোণৰ মূল্যত পাঁচ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ফলত প্ৰতি দহ গ্ৰাম সোণৰ মূল্যত ১৮০০ টকা পৰ্যন্ত হ্ৰাস পাব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি