মাহটোৰ ভিতৰতে সৰ্বাধিক হ্ৰাস পালে সোণৰ মূল্য, মাত্ৰ এদিনতে কমিল ইমান টকা

ভালখবৰ! হ্ৰাস পাইছে সোণৰ মূল্য, মাত্ৰ এদিনতে ইমান কমিল সোণৰ মূল্য
ভালখবৰ! হ্ৰাস পাইছে সোণৰ মূল্য, মাত্ৰ এদিনতে ইমান কমিল সোণৰ মূল্য
- News18 Assam
- Last Updated: August 26, 2020, 5:19 PM IST
আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য যোৱা সাত বছৰৰ ভিতৰত সৰ্বাধিক হ্ৰাস পোৱাৰ পিছত ঘৰুৱা বজাৰতো এতিয়া হ্ৰাস পাইছে মূল্য। মঙলবাৰৰ পিছত বুধবাৰেও দিল্লীত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০০০ টকা পৰ্যন্ত হ্ৰাস পাইছে। আনহাতে এক কিলোগ্ৰাম ৰূপৰ মূল্যত প্ৰায় ৫,১৭২ টকা পৰ্যন্ত হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে, বিদেশৰ বজাৰত সোণৰ মূল্য ৭ বছৰৰ পিছত এনেদৰে বৃহত্ হ্ৰাস পাইছে। বৰ্তমানো হ্ৰাস পাই আছে সোণৰ মূল্য।

বুধবাৰে দিল্লীৰ বজাৰত ৯৯.৯ শতাংশ বিশুদ্ধ সোণৰ দাম প্ৰতি গ্ৰামত ৫৪,১৭৪ টকাৰ পৰা নামি ৫২,৯৪৬ টকা হৈছিল। আজিৰ দিনটোতো হ্ৰাস পাই হৈছেগৈ ৫২,২৬০ টকা।

কিয় হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য- বিশেষজ্ঞ তপন পটেলে কোৱা মতে, আমেৰিকান ডলাৰত কৈ টকাৰ মূল্য অধিক সুস্থিৰ হোৱাৰ বাবে সোণৰ মূল্য হ্ৰাস পাইছে।
বিশেষজ্ঞসকলৰ মতে, কোৰোণা ভেকচিনৰ সন্দৰ্ভত খবৰ আহিলেই এতিয়া আশ্বৰ্যজনক ভাবে প্ৰভাৱ পৰিছে সোণৰ মূল্য। সোণ মূল্যত আৰু ৬ৰ পৰা ৮ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।