সোণ ক্ৰয় কৰাৰ সঠিক সময় এয়াই! ১১,৫০০ টকা পৰ্যন্ত হ্ৰাস পাইছে সোণৰ মূল্যত

News18 Assam | News18-Assam
Updated:March 8, 2021, 10:43 PM IST
সোণ ক্ৰয় কৰাৰ সঠিক সময় এয়াই! ১১,৫০০ টকা পৰ্যন্ত হ্ৰাস পাইছে সোণৰ মূল্যত
সোণ ক্ৰয়ৰ সঠিক সময় হিচাপে বিবেচিত হৈ পৰিছে বৰ্তমানৰ সময়ছোৱা। বিগত কিছুদিনৰ পৰা নিৰন্তৰভাবে হ্ৰাস পাই আহিছে মূল্যবান ধাতুবিধৰ দাম।

সোণ ক্ৰয়ৰ সঠিক সময় হিচাপে বিবেচিত হৈ পৰিছে বৰ্তমানৰ সময়ছোৱা। বিগত কিছুদিনৰ পৰা নিৰন্তৰভাবে হ্ৰাস পাই আহিছে মূল্যবান ধাতুবিধৰ দাম।

  • Share this:
সোণ ক্ৰয়ৰ সঠিক সময় হিচাপে বিবেচিত হৈ পৰিছে বৰ্তমানৰ সময়ছোৱা। বিগত কিছুদিনৰ পৰা নিৰন্তৰভাবে হ্ৰাস পাই আহিছে মূল্যবান ধাতুবিধৰ দাম। সোমবাৰেও, ভাৰতীয় বজাৰত সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে ৰূপৰ মূল্য। মাল্টি কমোডিটি এক্সচেঞ্জ চমুকৈ এমচিএক্সত সোণৰ মূল্য ১০ মাহৰ ভিতৰত সৰ্বাধিক হ্ৰাস পাইছে।  আজিৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণ ৪৪,৭৩১ টকাত ব্যৱসায় কৰি আছে।

চলিত বৰ্ষত সোণৰ মূল্য ব্যাপক ভাবে হ্ৰাস পাইছে। এই বছৰৰ আৰম্ভণিৰ পৰা ভাৰতত সোণৰ মূল্য প্ৰায় ৫,০০০ টকা হ্ৰাস পাইছে। আগষ্টত সৰ্বোচ্চ স্তৰৰ তুলনাত, সোণৰ মূল্য এতিয়ালৈকে ১১,৫০০ টকা হ্ৰাস পাইছে। ২০২০ চনৰ ৭ আগষ্টত প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য সৰ্বোচ্চ স্তৰত ৫৭,০০৮ টকা আছিল।

বজাৰ বিশেজ্ঞৰ মতে, "যেতিয়ালৈকে মূল্য ১৭৬০ ডলাৰতকৈ তলত থাকিব তেতিয়ালৈকে গতি দুৰ্বল দিশত থকাৰ সম্ভাৱনা আছে। এমচিএক্স গোল্ডৰ সমৰ্থন ৪৩৪৫০ স্তৰত থাকিব পাৰে, আনহাতে ফেচ ৰেচিছটেঞ্চ ৪৫,২০০ স্তৰ সমৰ্থন কৰিব পাৰে।“

বিশেষজ্ঞসকলে কয় যে, যিহেতু কোৰোণা ভেকচিন অভিযানে সমগ্ৰ বিশ্বত গতি লাভ কৰিছে। আৰু মানুহে আন বিনিয়োগৰ বিকল্পৰ দিশলৈ ঘূৰি আছে। ইয়াৰ ফলত সোণৰ মূল্য হ্ৰাস পাইছে।

বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, ২০২১ চনত সোণৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত।  অনুমান কৰা হৈছে যে, যদি সোণৰ মূল্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰে, ই ৬৩,০০০ টকাৰ ঘৰ অতিক্ৰম কৰিব।
Published by: Himangshu Bhuyan
First published: March 8, 2021, 10:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি