আজি কিছু বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য। মাল্টি কমোডিটি এক্সচেঞ্জত সোমবাৰৰ দিনটোত সোণৰ মূল্য ০.৪ শতাংশ বৃদ্ধি হৈ হৈছেগৈ ৪৪,৯১৫ টকা। সমান্তৰালকৈ ৰূপৰ মূল্যও আজি ০.৬ শতাংশ বৃদ্ধি হৈ প্ৰতি কেজিত হৈছেগৈ ৬৭,২৭৩ টকা। ইতিমধ্যে সোণৰ মূল্যত প্ৰায় ১২ হাজাৰ টকা হ্ৰাস পোৱাৰ লগতে ৰূপৰ মূল্য প্ৰায় ১১হাজাৰ টকা সস্তা হৈ পৰিছিল বিগত সময়ছোৱাত। যদি কেৱল চলিত বছৰলৈ চোৱা হয় তেন্তে এই সময়ছোৱাতে সোণৰ মূল্য প্ৰায় ৬ হাজাৰ টকালৈ হ্ৰাস পাইছে।
২৪ কেৰেট সোণৰ মূল্যলৈ লক্ষ্য কৰিলে আজিৰ দিনটোত ৰাষ্ট্ৰীয় ৰাজধানীত ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৪৮,১৮০ টকা। ইয়াৰ বিপৰীতে চেন্নাইত ৪৬,১৭০ টকা, মুম্বাইত ৪৪,৮৮০ টকা আৰু কলকাতাত প্ৰতি ১০ গ্ৰামৰ মূল্য ৪৬,৯৫০ টকা চলি আছে।
ইপিনে আন্তৰ্জাতিক বজাৰতো সোণ মূল্য বৃদ্ধিৰ সৈতেই ব্যৱসায় চলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত সোণৰ ব্যৱসায় ০.১৪ ডলাৰ বৃদ্ধি হৈ প্ৰতি আউন্সত ১,৭২৭.২২ ডলাৰ চলি আছে। আনহাতে ৰূপত ০.০৯ ডলাৰ বৃদ্ধি হৈ ইয়াৰ ব্যৱসায় ২৬.০২ ডলাৰত চলি আছে।
উয়াৰ পূৰ্বে ১২ মাৰ্চ অৰ্থাৎ শুকুৰবাৰে দিল্লীৰ সৰ্ফোদা বজাৰত শুকুৰবাৰে সোণৰ মূল্য ২৯১ টকা হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামৰ মূল্য আছিল ৪৪,০৫৯ টক। ৰূপো শুকুৰবাৰে ১,০৯৬ টকা হ্ৰাস হৈ প্ৰতি কেজিৰ মূল্য হৈছিলগৈ ৬৫,৯৫৮ টকা।
যিহেতু এতিয়া বিয়াৰ বতৰ, তেনেস্থলত ভাৰতত এতিয়া সোণ আৰু ৰূপৰ মূল্যক আদৰি লোৱা হৈছে। যদি বৰ্তমানৰ মূল্যতে সোণত বিনিয়োগ কৰা হয় তেন্তে ইয়ে আপোনাক দীৰ্ঘসময়ৰ বাবে লাভ কৰিবলৈ সুযোগ দিব। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, ২০২১ত সোণৰ মূল্য নিশ্চিতভাৱে বৃদ্ধি পাব। এই বছৰত সোণৰ মূল্যই ৬৩ হাজাৰ টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। যদি এনে হয়, বিনিয়োগকাৰীসকলে এক শক্তিশালী লাভৰ সন্মুখীন হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|