আজিও হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য। সোমবাৰে এমচিএক্সত সোণৰ মূল্যত ০.০৩ শতাংশ হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত হৈছেগৈ ৪৬,৫৮০ টকা। ইপিনে ৰূপৰ মূল্য ০.১৫ শতাংশ হ্ৰাস পাই প্ৰতি কেজিত ৬৬,৮৮৪ টকা হৈছেগৈ।
উল্লেখ্য যে, ২০২০ চনৰ আগষ্টত সোণৰ মূল্য আছিল ৫৬,২০০টকা। কিন্তু তাৰ পিছৰ পৰাই লাহে লাহে হ্ৰাস পাবলৈ ধৰে সোণৰ মূল্য। আৰু আজিৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্যত হৈছেগৈ ৪৬,৫৮০ টকা ৷ সেই অনুসৰি সোণৰ মূল্য হ্ৰাস পাইছে প্ৰায় ১০,০০০ টকা পৰ্যন্ত।
![]()
ইয়াৰ উপৰিও আন্তৰ্জাতিক বজাৰতো হ্ৰাস পাইছে সোণৰ মূল্য। আমেৰিকা যুক্তৰাষ্ট্ৰত সোণৰ ব্যৱসায় ৫.৫০ ডলাৰলৈ হ্ৰাস পোৱাৰ ফলত প্ৰতি আউন্সত ১৭৩৮.৫৩ ডলাৰ হৈছে।
২৪ কেৰেট সোণৰ মূল্য -২৪ কেৰেট সোণৰ মূল্যলৈ লক্ষ্য কৰিলে আজি ৰাজধানী দিল্লীত ১০ গ্ৰাম সোণৰ মূল্য ৪৯,৮২০ টকা। চেন্নাইত ৪৭,৭২০ টকা, মুম্বাইত ৪৫,৭২০ টকা আৰু কলকাতাত ৪৮,৫৭০ টকা।
এনেদৰে আপুনি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে -যদি আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব বিচাৰে, তেন্তে ভাল খবৰ ! ইয়াৰ বাবে চৰকাৰে এটা নতুন এপৰ সৃষ্টি কৰিছে। “BIS Care App”ৰ মাধ্যমেৰে গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে। এই এপৰ দ্বাৰা কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয়, ইয়াৰ সৈতে জড়িত যিকোনো অভিযোগ দাখিল কৰিব পাৰিব আপুনি।
এই এপত যদি সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি পোৱা যায় তেতিয়া গ্ৰাহকসকলে তৎক্ষণাত অভিযোগ কৰিব পাৰিব। এপটোৱে গ্ৰাহকক তৎক্ষণাত অভিযোগ দাখিল কৰিবলৈ তথ্য প্ৰদান কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|