Gold Silver Price: সোণ ক্ৰয়ৰ সুৱৰ্ণ সুযোগ, প্ৰতিদিনে হ্ৰাস পাইছে সোণৰ মূল্য! জানক আজিৰ দিনটোত কিমান সস্তা হ’ল সোণ?

News18 Assam | News18-Assam
Updated:March 31, 2021, 2:03 PM IST
Gold Silver Price: সোণ ক্ৰয়ৰ সুৱৰ্ণ সুযোগ, প্ৰতিদিনে হ্ৰাস পাইছে সোণৰ মূল্য! জানক আজিৰ দিনটোত কিমান সস্তা হ’ল সোণ?
Gold Price Today : একেৰাহে চাৰি দিন ধৰি ক্ৰমান্বয়ে হ্ৰাস পাইছে সোণৰ মূল্য । ৰেকৰ্ড স্তৰৰ পৰা এতিয়ালৈকে সোণৰ মূল্যত ১২,০০০ টকা পৰ্যন্ত হ্ৰাস পাইছে ।

Gold Price Today : একেৰাহে চাৰি দিন ধৰি ক্ৰমান্বয়ে হ্ৰাস পাইছে সোণৰ মূল্য । ৰেকৰ্ড স্তৰৰ পৰা এতিয়ালৈকে সোণৰ মূল্যত ১২,০০০ টকা পৰ্যন্ত হ্ৰাস পাইছে ।

  • Share this:
আজিও একেৰাহে চতুৰ্থবাৰৰ বাবে সোণৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে, লগতে সস্তা হৈ পৰিছে ৰূপৰ মূল্যও । আজি এমচিএক্সত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ০.৪% হ্ৰাস পোৱাৰ ফলত ইয়াৰ মূল্য হয়গৈ ৪৪,৫৩৮ টকা । ইয়াৰোপৰি ৰূপৰ মূল্যও প্ৰতি কেজিত ০.৩% হ্ৰাস হোৱাৰ ফলত হয়গৈ ৬৩,৯৮৫ টকা ।

দেশত চলিত বছৰৰ আৰম্ভণিৰ পৰাই আজি পৰ্যন্ত সোণৰ মূল্য প্ৰায় ৫ হাজাৰ টকালৈ হ্ৰাস পাইছে । সেয়েহে যদি আপুনিও সোণ ক্ৰয় কৰিব বিচাৰে, তেন্তে এয়া আপোনাৰ বাবে এটা সুবৰ্ণ সুযোগ ৷ কিয়নো সোণৰ মূল্য এতিয়া বিগত ১১ মাহৰ তুলনাত নিম্ন স্তৰত আছে ।

বিগত বছৰৰ আগষ্টত সোণৰ মূল্যই অভিলেখ ৰচিছিল আৰু চুইছিল ৫৭ হাজাৰৰ ঘৰ ৷ কিন্তু তেতিয়াৰ পৰা প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য ১২ হাজাৰ টকালৈ সস্তা হৈছে । সেয়েহে এই সময়ত সোণত বিনিয়োগৰ ভাল সম্ভাৱনা আছে।

সোণৰ নতুন মূল্য (সোণৰ মূল্য, মাৰ্চ ৩০, ২০২১) :
শুকুৰবাৰে দিল্লীত সোণৰ মূল্য ০.৪% হ্ৰাস হোৱাৰ ফলত ইয়াৰ মূল্য হয় প্ৰতি ১০ গ্ৰামত ৪৪,৫৩৮ টকা । আনফালে আন্তৰ্জাতিক বজাৰতো সোণ ০.৪% হ্ৰাস হৈ প্ৰতি আউন্সত হয়গৈ ১,৭০৪.৯০ ডলাৰ ৷

ৰূপৰ নতুন মূল্য (ৰূপৰ মূল্য, মাৰ্চ ৩০, ২০২১): সোণৰ লগতে আজি ৰূপৰ মূল্যও হ্ৰাস পোৱা পৰিলক্ষিত হয় । দিল্লীত এতিয়া এই মূল্যবান ধাতুৰ মূল্য প্ৰতি কেজিত ০.৩% হ্ৰাস হোৱাৰ ফলত হয়গৈ ৬৩,৯৮৫ টকা ।

সোণৰ মূল্য পুনৰ হ্ৰাস হোৱাৰ সম্ভাৱনা আছেনে ?

বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, সোণৰ মূল্য হ্ৰাস হোৱা এই কাৰ্য হয়তো দীৰ্ঘদিনৰ বাবে নহ'ব পাৰে। ডলাৰৰ দুৰ্বলতা, বৰ্ধিত মুদ্ৰাস্ফীতিৰ চাপ আৰু বিত্তীয় সম্প্ৰসাৰণে সোণৰ মূল্যৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাইছে ।

পৰৱৰ্তী দুমাহত ব্যয়বহুল হ'ব পাৰে সোণৰ মূল্য -
বিশেষজ্ঞৰ মতেই শীঘ্ৰেই বৃদ্ধি হ'ব পাৰে সোণৰ মূল্য । আইআইএফএল(IIFL) চিকিউৰিটিজৰ উপ-সভাপতি (সামগ্ৰী আৰু মুদ্ৰা) অনুজ গুপ্তাই কয় যে পৰৱৰ্তী দুমাহত সোণৰ মূল্য ৪৮,০০০ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আনহাতে ৰূপৰ মূল্যও প্ৰতিকেজিত ৭০,০০০ টকাৰ পৰা ৭২,০০০ টকা হ'ব পাৰে । আন এগৰাকী বিশেষজ্ঞইয়ো সোণৰ মূল্য যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰিছে আৰু ৪৫,৫০০ টকাৰ স্তৰ অতিক্ৰম কৰি ৪৮,০০০ টকা হোৱা সম্ভাৱনা আছে ।
First published: March 30, 2021, 2:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি