গ্ল’বেল মাৰ্কেটত উত্থান–পতনৰ ফলত মঙলবাৰে ভাৰতীয় বুলিয়ন মাৰ্কেটতো সোণৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সোণৰ দাম পুনৰ এবাৰ বৃদ্ধি হৈ ৫১ হাজাৰ টকাৰ কাষ পাইছেগৈ।
মাল্টি কমডিটী এক্সচেঞ্জত পুৱা ২৪ কেৰেটৰ সোণৰ দাম ৪০ টকা বৃদ্ধি হৈ ৫০,৯৪৭ টকা প্ৰতি ১০ গ্ৰামত উপনীত হয়। ইয়াৰ পূৰ্বে সোণৰ দাম ৫০,৯৪০ টকাত খোলাৰ পিছত দাম বৃদ্ধিৰ ফলত শীঘ্ৰে ০.০৮ শতাংশ বৃদ্ধি দেখা যায়। ইয়াৰ পূৰ্বে সোণৰ দাম ৫০ হাজাৰৰ তলত আছিল, কিন্তু গ্ল’বেল মাৰ্কেটত চাহিদা বৃদ্ধিৰ ফলত দাম বৃদ্ধি পোৱা পৰিলক্ষিত হয়।
সোণৰ দাম বৃদ্ধিৰ বিপৰীতে আজি ৰূপৰ দাম হ্ৰাস পাইছে। পুৱা এমচিএক্সত ৰূপৰ দাম ১৫৪ টকা হ্ৰাস পাই ৬১,১৪৪ টকা প্ৰতি কিলোগ্ৰামত উপনীত হয়। ইয়াৰ পূৰ্বে ৰূপৰ দাম ৬১,৩৪৯ টকাত খুলিছিল আৰু ০.২৫ শতাংশ লোকচানৰ সৈতে হ্ৰাস পাই ৬১ হাজাৰৰ কাষ পায়। ৰূপৰ এই মাহৰ আৰম্ভণিতে ৭০ হাজাৰৰ ওপৰলৈ গৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|