সোণ-ৰূপ (Gold-Silver)ৰ মূল্য আজি কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। একেৰাহে দুই দিন হ্ৰাস হোৱাৰ পিছত সোণৰ মূল্য আজি সামান্য বৃদ্ধি পাইছে। বুধবাৰে মাল্টি কমোডিটি এক্সচেঞ্জ (Multi Commodity Exchange)ত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৪,৮৩৫ টকালৈ বৃদ্ধি পাইছে। সেইদৰে প্ৰতি কেজি ৰূপৰ মূল্য ৬৫,১৯০ টকালৈ বৃদ্ধি পাইছে।
বুধবাৰে, দেশৰ ৰাজধানী দিল্লী (Delhi)-ত ২৪ কেৰেট সোণৰ মূল্য ৪৮,০৪০ টকা হৈছেগৈ। ইয়াৰ বিপৰীতে চেন্নাইত ৪৬,১৩০ টকা, মুম্বাইত ৪৩,৯৯০ টকা আৰু কলকাতাত প্ৰতি ১০ গ্ৰামত ৪৬,৯৯০ টকাৰ ঘৰ স্পৰ্শ কৰিছে।
ইয়াৰ উপৰিও, আন্তঃৰাষ্ট্ৰীয় বজাৰতো সোণৰ মূল্য হ্ৰাস পাইছে। আমেৰিকাত সোণৰ ব্যৱসায়ত ৬.৭২ ডলাৰ পৰ্যন্ত হ্ৰাস হৈ ১,৭৩১.৮৫ ডলাৰ প্ৰতি আউন্সলৈ হ্ৰাস পাইছে। আনহাতে ৰূপৰ ব্যৱসায়ত ০.৫৫ ডলাৰ হ্ৰাস হৈ ২৫.১৯ত ব্যৱসায় কৰিছে।
বিগত কেইমাহমান ধৰি সোণৰ মূল্যত ১১,৫০০ টকা পৰ্যন্ত হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। বিশেষজ্ঞই জনোৱা মতে, কোৰোণা টিকাকৰণ আৰম্ভ হোৱাৰ পৰা সোণৰ মূল্য হ্ৰাস হৈ আহিছে। টিকাকৰণৰ পিছত অৰ্থনৈতিক কাৰ্যকলাপ দ্ৰুতগতিত বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে।
মঙলবাৰে দিল্লীৰ Sarafa Bazar ত সোণৰ মূল্য ১০ গ্ৰামত ১১৬ টকালৈ বৃদ্ধি পাইছে। ৰাজধানী চহৰ দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য বৰ্তমান ৪৪,৩৭৪ টকা।
বিশেষজ্ঞসকলৰ মতে, ইয়াতকৈও বাঢ়িব পাৰে সোণৰ মূল্য। ২০২১ চনত ১০ গ্ৰাম সোণৰ মূল্য ৬৩,০০০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|