உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Gold Price Today: তিনিমাহৰ ভিতৰত আটাইতকৈ সস্তা হ'ল সোণ, জানি লওক ১০ গ্ৰাম সোণৰ লেটেষ্ট দাম...

    Gold Price Today: তিনিমাহৰ ভিতৰত আটাইতকৈ সস্তা হ'ল সোণ, জানি লওক ১০ গ্ৰাম সোণৰ লেটেষ্ট দাম...

    সোণৰ লগে লগে ৰূপৰো দাম হ্ৰাস পাইছে।

    সোণৰ লগে লগে ৰূপৰো দাম হ্ৰাস পাইছে।

    সোণৰ লগে লগে ৰূপৰো দাম হ্ৰাস পাইছে।

    • Share this:
    বিশ্ববজাৰৰ হেঁচাত বুধবাৰে পুৱা সোণৰ মূল্য যোৱা তিনি মাহত আটাইতকৈ সস্তা হৈ পৰে৷ বিবাহৰ বতৰত সোণৰ মূল্য প্ৰায় ৫০,০০০ টকাত উপনীত হয় আৰু আনহাতে ৰূপৰ মূল্য প্ৰায় ৬০,০০০ টকা হৈ পৰিছে৷

    মাল্টি-কমোডিটি এক্সচেঞ্জত পুৱা ২৪-কেৰেট বিশুদ্ধতা সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২২৮ টকা হ্ৰাস হৈ ৫০,৩৫৮ টকা হয়। যোৱা তিনি মাহত এয়া হৈছে সোণৰ সৰ্বনিম্ন মূল্য।

    সোণৰ লগতে ৰূপৰ মূল্যও হ্ৰাস পাইছে৷ ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬০,০০০ টকাৰ স্তৰত উপনীত হৈছে৷ বুধবাৰ পুৱা ৰূপৰ মূল্য ২৮০ টকা হ্ৰাস কৰি প্ৰতি কিলোত ৬০,৩৩৮ টকা কৰা হয়৷ আজি বজাৰ খোলাৰ সময়ত ৰূপৰ মূল্য আছিল ৬০,৫২৫ টকা, যি ৩০,০৬ শতাংশলৈ হ্ৰাস পাইছে৷

    বিশ্ববজাৰত সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰত সোণৰ মূল্য ০.৩ শতাংশ হ্ৰাস হৈ প্ৰতি আউন্সত ১৮৩২.০৬ ডলাৰ হৈছে। ৰূপৰ মূল্য ০.১ শতাংশ হ্ৰাস হৈ প্ৰতি আউন্সত ২১.২৩ ডলাৰ হৈছে। সোণ আৰু ৰূপৰ লগতে অন্যান্য ব্যয়বহুল ধাতুৰ মূল্য উঠা-নমা অব্যাহত আছে। প্লেটিনামৰ মূল্য ০.১ শতাংশ বৃদ্ধি হৈ ৯৬৪.৬৪ ডলাৰ আৰু পেলিয়াম ২০.২০ শতাংশ লৈ ২০ শতাংশ লৈ হ্ৰাস পাইছে।
    Published by:Himangshu Bhuyan
    First published: