মাল্টিমোডিটিভ এক্সচেঞ্জত (এমচিএক্স) শুকুৰবাৰে পুৱা ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ দামত ০.০৩ শতাংশ হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৫০,১৫৮ টকা হৈছে।
মাল্টিমোডিটিভ এক্সচেঞ্জত (এমচিএক্স) শুকুৰবাৰে পুৱা ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ দামত ০.০৩ শতাংশ হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৫০,১৫৮ টকা হৈছে।
গ্লোবেল মাৰ্কেটত সোণ-ৰূপৰ দামত ব্যাপক পতন হোৱাৰ প্ৰভাৱ পৰিছে ভাৰতৰ বজাৰত। বিবাহৰ বতৰ হোৱা স্বত্বেও, সোণৰ মূল্য এতিয়াও তিনি মাহৰ ভিতৰতে নিম্নতম স্তৰত আছে আৰু মাত্ৰ এসপ্তাহৰ ভিতৰত, সোণ প্ৰতি ১০ গ্ৰামত ১৫০০ টকা সস্তা হৈছে।
মাল্টিমোডিটিভ এক্সচেঞ্জত (এমচিএক্স) শুকুৰবাৰে পুৱা ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ দামত ০.০৩ শতাংশ হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৫০,১৫৮ টকা হৈছে। এই সপ্তাহত, সোণৰ মূল্য প্ৰায় ১,৫০০ টকা হ্ৰাস পাইছে। সোণৰ মূল্য বৰ্তমান তিনি মাহৰ নিম্নতম স্তৰত আছে। মাৰ্চৰ আৰম্ভণিতে, সোণৰ মূল্য প্ৰায় ৫৬,০০০পৰ্যন্ত বাঢ়িছিল।
সোণৰ মূল্য কিয় হ্ৰাস পাইছে?
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সংকটৰ পিছত, সমগ্ৰ বিশ্বতে সোণৰ চাহিদা বৃদ্ধি পাইছিল। বিনিয়োগকাৰীসকলে এক সুৰক্ষিত আশ্ৰয় স্থল হিচাপে সোণত ধন বিনিয়োগ কৰি আছিল, কিন্তু ইয়াৰ মাজতে, ডলাৰৰ মূল্য বৃদ্ধি হৈ থাকিল আৰু ইয়াৰ চাপত, বিনিয়োগকাৰীসকল সোণৰ প্ৰতি মোহভংগ হৈ পৰিল।
ইয়াৰ উপৰিও, মুদ্ৰাস্ফীতিৰ ক্ৰমান্বয়ে বাঢ়ি অহা পৰিসংখ্যাই বিনিয়োগকাৰীসকলৰ ওপৰত বিক্ৰী কৰিবলৈ চাপ সৃষ্টি কৰিছে। তেওঁলোকে আশংকা কৰে যে, যদি সূতৰ হাৰ আৰু বাঢ়ি যায় তেন্তে ধাৰ লোৱাটো ব্যয়বহুল হ'ব। এনে পৰিস্থিতিত, এতিয়া সঞ্চয় কৰা প্ৰয়োজন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|