মুম্বাইঃ আমেৰিকাত অনুমানতকৈ অধিক ভাল হৈছে নতুন ঘৰৰ বিক্ৰী (US New Home Sales) তথা ৰিচমাণ্ড মেনুফেকচাৰিঙৰ ডাটাৰ (Richmond Manufacturing Data) পৰিসংখ্যাৰ কাৰণে সোণ–ৰূপৰ মূল্য হ্ৰাসৰ (Gold Silver Price Today) ধাৰা দেখিবলৈ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় স্তৰত সোণৰ দাম (Gold Price) হ্ৰাস পাই প্ৰতি আউন্সত ১৯২০ ডলাৰৰ তললৈ আহিছে। বিশেষজ্ঞৰ মতে ভাল আৰ্থিক পৰিসংখ্যাৰ কৰাণে আমেৰিকাৰ ডলাৰ শক্তিশালী হৈছে লগতে আমেৰিকাৰ বণ্ড ইল্ডৰ বৃদ্ধি, কোৰোণা ভাইৰাছৰ চিকিৎসাৰ আশা আৰু আমেৰিকা–চীনৰ মাজৰ ব্যৱসায়ৰ সম্ভাৱনা বৃদ্ধিৰ কাৰণে সোণ আৰু ৰূপৰ মূল্য হ্ৰাস হৈছে। এই সংকেতবোৰৰ কাৰণে আজি ঘৰুৱা বজাৰতো সোণৰ মূল্য হ্ৰাস আকৌ হ্ৰাস পাব পাৰে।
সোমবাৰে সামান্য মূল্য হ্ৰাসৰ পিছত মঙলবাৰে দিল্লীৰ সোণ–ৰূপৰ বজাৰত ৯৯.৯ শতাংশ শুদ্ধতাৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫২,৩৫০টকা হয়। আনহাতে মুম্বাইত ৯৯.৯শতাংশ শুদ্ধতাৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫১৬২৮.০০ টকালৈ হ্ৰাস পাইছিল।
মঙলবাৰে ৰূপৰ মূল্যও সোণৰ দৰেই হ্ৰাস পায়। দিল্লীত এক কিলোগ্ৰাম ৰূপৰ মূল্য ৬৮,৩৪২টকাৰ পৰা ৬৬,৭৩৬টকা হয়। মুম্বাইত সেইমতে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৬৪৮৮১টকা হয়।
বিশেষজ্ঞৰ মতে ভাৰতীয় টকা শক্তিশালী হোৱাৰ কাৰণে সোণৰ দাম আজি আকৌ কমিব। বুলিয়ন মাৰ্কেটৰ দৃষ্টি এতিয়া আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ চেয়াৰমেন জেৰম পাৱেলৰ (Jerome Powell) ভাষণৰ ওপৰত নিৰ্ভৰ কৰিছে। কিয়নো তেওঁৰ ভাষণৰ পৰাই আমেৰিকাৰ ডলাৰৰ চাল নিৰ্ধাৰিত হ’ব আৰু ইয়াৰ পোণপটীয়া প্ৰভাৱ পৰিব সোণৰ মূল্যত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|