মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Gold Price Today: হ্ৰাস পাইছে সোণৰ মূল্য! ৪৫ হাজাৰৰ তললৈ নামিল দাম! জানি লওক সবিশেষ

Gold Price Today: হ্ৰাস পাইছে সোণৰ মূল্য! ৪৫ হাজাৰৰ তললৈ নামিল দাম! জানি লওক সবিশেষ

আপুনি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি এয়াই উত্তম সময়! ভাৰতীয় বজাৰত হ্ৰাস পাইছে সোণৰ মূল্য।

আপুনি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি এয়াই উত্তম সময়! ভাৰতীয় বজাৰত হ্ৰাস পাইছে সোণৰ মূল্য।

আপুনি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি এয়াই উত্তম সময়! ভাৰতীয় বজাৰত হ্ৰাস পাইছে সোণৰ মূল্য।

  • Share this:
আপুনি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি এয়াই উত্তম সময়! ভাৰতীয় বজাৰত হ্ৰাস পাইছে সোণৰ মূল্য। প্ৰতি ১০ গ্ৰাম সোণক মূল্য ভাৰতীয় বজাৰত ৪৫ হাজাৰৰ তললৈ নামিছে। এমচিএক্সত (মাল্টি কমোডিটি এক্সচেঞ্জ) সোণৰ মূল্য ০.১ শতাংশ হ্ৰাস হোৱাৰ ফলত সোমবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হয়গৈ ৪৪,৯৮১ টকা । লগতে ৰূপৰ মূল্যও ১.৪ শতাংশ হ্ৰাস হৈ প্ৰতি কেজিত হয়গৈ ৬৬,৫৬২ টকা ৷

দেশৰ ৰাজধানী চহৰ দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত হৈছে ৪৮,৩৮০ টকা। আনহাতে চেন্নাইত ৪৬,৩৪০ টকা, মুম্বাইত ৪৪,৯১০ টকা আৰু কলকাতাত ৪৭,২১০ টকা।



ইফালে আন্তৰ্জাতিক বজাৰতো সোণৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আমেৰিকাত সোণৰ ব্যৱসায় ৫.০৭ ডলাৰলৈ হ্ৰাস পোৱাৰ ফলত প্ৰতি আউন্সত হয়গৈ ১,৭৪০.২৬ ডলাৰ ৷ আনহাতে ৰূপৰ মূল্য ০.৫০ ডলাৰ হ্ৰাস হোৱাৰ ফলত ইয়াৰ মূল্য হয় ২৫.৭৪ ডলাৰ ।

যদিও বিশেষজ্ঞসকলৰ মতে, পুনৰ সোণৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ মূল্যত যদি সোণত বিনিয়োগ কৰা হয় তেন্তে ই আপোনাক দীৰ্ঘম্যাদী সময়ৰ বাবে বৃহৎ লাভৰ সুযোগ প্ৰদান কৰিব।



বিশেষজ্ঞসকলে লগতে কয় যে, ২০২১ চনত নিশ্চিত ৰূপত সোণৰ মূল্য বৃদ্ধি হ'ব । লগতে চলিত বছৰতেই ১০ গ্ৰাম সোণৰ মূল্যই ৬৩ হাজাৰৰ ঘৰ অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে।

শেহতীয়া বাতৰি