ভাৰত হৈছে বিশ্বৰ ভিতৰতে দ্বিতীয়খন দেশ, য'ত সৰ্বাধিক হাৰত সোণৰ ব্যৱহাৰ কৰা হয়। ভাৰতৰ লোকসকলৰ বাবে সোণ কেৱল এক মূল্যবান ধাতুৱেই নহয়, এক শুভ ধাতুও। ইয়াৰোপৰি সোণক বিনিয়োগৰ বাবে অন্যতম শ্ৰেষ্ঠ বিকল্প বুলিও গণ্য কৰা হয়। ভাৰতত সোণৰ গুৰুত্ব কেৱল এই কথাৰ পৰাই অনুমান কৰিব পাৰি যে, বিবাহৰ বাবে বাজেটৰ এক বৃহৎ অংশ সোণৰ গহণা আৰু মুদ্ৰা আদিৰ বাবে ব্যয় কৰা হয়।
সম্প্ৰতি সোণৰ মূল্য প্ৰতিদিনে হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়ালৈকে সোণৰ মূল্য প্ৰায় বিগত ১১ মাহৰ তুলনাত নিম্নগামী হৈছে। বিগত বছৰৰ আগষ্টত সোণে সৰ্বোচ্চ ৫৭,০০০ টকাৰ স্পৰ্শ কৰিছিল, কিন্তু এতিয়া প্ৰতি ১০ গ্ৰাম সোণত ২১ শতাংশ হ্ৰাস হৈ ইয়াৰ মূল্য ১১,৫০০ টকালৈ হ্ৰাস পাইছে।
১. সাৰ্বভৌম গোল্ড বণ্ড (Sovereign Gold Bond )
সোণত বিনিয়োগ কৰাৰ বহু বিকল্প আছে যেনে অলংকাৰ, সোণৰ মুদ্ৰা, সোণৰ বুলিয়ন আদি। কিন্তু এই সকলোবোৰত সৰ্বশ্ৰেষ্ঠ বিকল্প হৈছে সাৰ্বভৌম গোল্ড বণ্ড (Sovereign Gold Bond )। এই চৰকাৰী আঁচনিত বিনিয়োগে বিপদাশংকা যথেষ্ট হ্ৰাস কৰে আৰু আপুনি চিন্তিত নোহোৱাকৈয়ে ৰিটাৰ্ণ লাভ কৰিব। সাৰ্বভৌম গোল্ড বণ্ড ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি কৰা হয়, সেয়েহে ইয়াৰ বিশুদ্ধতাৰ বিষয়ে কোনোধৰণৰ খেলিমেলিৰ কথা নাথাকে। সাৰ্বভৌম গোল্ড পুঁজিত বিনিয়োগ কৰা লাভজনক। ই সোণৰ মূল্যৰ উপৰি বাৰ্ষিক ২.৫ শতাংশ নিৰ্ধাৰিত ৰিটাৰ্ণ প্ৰদান কৰে।
২. গোল্ড এক্সচেঞ্জ-ট্ৰেডেড ফাণ্ড (Gold ETF)সোণক শ্বেয়াৰ হিচাপে ক্ৰয় কৰাৰ সুবিধাটোকে গোল্ড এক্সচেঞ্জ-ট্ৰেডেড ফাণ্ড (Gold ETF) বুলি কোৱা হয়। এইটো এটা মিউচুৱেল ফাণ্ড আঁচনি। সোণত বিনিয়োগ কৰাৰ বাবে এইটো আটাইতকৈ সস্তীয়া বিকল্প। এই এক্সচেঞ্জ-ট্ৰেডেড ফাণ্ডক ষ্টক এক্সচেঞ্জত ক্ৰয় আৰু বিক্ৰী কৰিব পাৰি। যিহেতু সোণৰ ইটিএফৰ মানদণ্ড স্পট সোণৰ মূল্য, আপুনি ইয়াক সোণৰ প্ৰায় প্ৰকৃত মূল্যৰ সমানকৈয়ে কিনিব পাৰে। সোণৰ ইটিএফ কিনিবলৈ আপোনাৰ এটা ট্ৰেডিং ডিমেট একাউণ্ট (Demet Account) থাকিব লাগিব। ইয়াত ইউনিটত সোণ ক্ৰয় কৰা হয়। আপুনি ইয়াক বিক্ৰী কৰিলে সোণ নহয়, সেই সময়ত বজাৰ মূল্যৰ সমান পৰিমাণৰ ধন লাভ কৰিব।
৩. গোল্ড মিউচুৱেল ফাণ্ড (Gold Mutual Funds)
সোণৰ ইটিএফতকৈ সোণৰ মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাটো অতি সহজ। আপুনি অনলাইন মোড বা ইয়াৰ ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে পোনপটীয়াকৈ গোল্ড মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে। আনহাতে, সোণৰ ইটিএফত বিনিয়োগ কৰিবলৈ আপোনাৰ ডিমেট একাউণ্ট(Demet Account) থাকিব লাগিব। গোল্ড মিউচুৱেল ফাণ্ডত এএমচি(AMC) লাভৰ বাবে গোল্ড ইটিএফত ইয়াৰ পুঁজি বিনিয়োগ কৰা হয়। ইয়াৰ উপৰি, গোল্ড মিউচুৱেল ফাণ্ডত বিনিয়োগকাৰীসকলক এছআইপি (SIP)ৰ জৰিয়তে বিনিয়োগ কৰিবলৈ অনুমতি দিয়া হয়। গোল্ড মিউচুৱেল ফাণ্ড হৈছে এক মুক্ত-সমাপ্ত বিনিয়োগ সামগ্ৰী, যিয়ে গোল্ড এক্সচেঞ্জ-ট্ৰেডেড ফাণ্ড (Gold ETF)ত বিনিয়োগ কৰে আৰু ইয়াৰ নেট সম্পদ মূল্য (NAV) ইটিএফৰ সৈতে জড়িত হৈ থাকে।
৪. পৰিশোধ এপৰ জৰিয়তেও সোণ ক্ৰয় কৰিব পাৰে -
আপুনি আপোনাৰ স্মাৰ্টফোনৰ পৰাই ডিজিটেল সোণত বিনিয়োগ কৰিব পাৰে। ইয়াৰ বাবে অত্যাধিক টকা খৰচ কৰাৰ প্ৰয়োজনো নহয়। আপুনি আপোনাৰ সুবিধা অনুসৰি যিমান মূল্যৰ বিচাৰে, সোণ কিনিব পাৰে। এই সুবিধাটো আমাজন-পে', গুগ'ল পে', পেটিএম, ফোনপে' আৰু মোবিকুইকৰ দৰে প্লেটফৰ্মত উপলব্ধ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|