
২৪ কেৰেট সোণৰ মূল্য-
Goodsreturns.in মতে, আজি ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ৫০,৬৩০ টকা । চেন্নাইত ৪৯,০৪০ টকা, মুম্বাইত ৪৬,০৮০ টকা, কলকাতাত ৪৯,৬১০ টকা, হায়দৰাবাদত ৪৮,৬১০ টকা আৰু বাংগালুৰুত প্ৰতি ১০ গ্ৰামত ৪৮,৬১০ টকা।
আনহাতে ৰূপৰ মাৰ্চ মাহৰ ফিউচাৰ ট্ৰেড ৩৯৪.০০ টকা বৃদ্ধিৰ সৈতে ৬৯,৪০৬.০০ টকাৰ স্তৰত আছে।
হ্ৰাস পাইছে সোণৰ মূল্য। সপ্তাহটোৰ প্ৰথমটো ব্যৱসায়ৰ দিনত সোণ তথা ৰূপৰ মূল্য হ্ৰাস হোৱা দেখা গ’ল। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে সোণৰ মূল্য প্ৰায় ৪,০০০ টকালৈ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। মাল্টি কমোডিটি এক্সজেঞ্জৰ এপ্ৰিলৰ ফিউচাৰ ট্ৰেড সোণৰ মূল্য ১২৩.০০ বৃদ্ধিৰ সৈতে ৪৬,৩২০.০০ টকাত ব্যৱসায় চলি আছে। আনহাতে ৰূপৰ মাৰ্চ মাহৰ ফিউচাৰ ট্ৰেড ৩৯৪.০০ টকা বৃদ্ধিৰ সৈতে ৬৯,৪০৬.০০ টকাৰ স্তৰত আছে।
উল্লেখযোগ্য যে বিগত সপ্তাহত সোণৰ মূল্য ২.৩ শতাংশ অৰ্থাৎ ১১০০ টকা হ্ৰাস হোৱা পৰিলক্ষিত হৈছিল। বিগত সপ্তাহৰ শুকুৰবাৰে মাল্টি কমোডিটি এক্সজেঞ্জত সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৪৬,১৯০ টকা আছিল। ইয়াৰ পৰিৱৰ্তে বিগত বছৰৰ তুলনাত এই দৰ ১০,০০০ টকালৈ হ্ৰাস হোৱা দেখা গৈছে। সেই সময়ত সোণৰ মূল্য আছিল দহ গ্ৰামত ৫৬,২০০ টকা। চলিত বৰ্ষত সোণ ব্যৱসায়ৰ আৰম্ভণি ১৯৯১ চনতকৈও অধিক বেয়া বুলি একাংশই মত প্ৰকাশ কৰিছে।
দেশৰ ৰাজধানী চহৰ দিল্লীত সোমবাৰে ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য আছিল ক্ৰমে ৪৫,৪২০ টকা আৰু ৪৯,৪৫০ টকা। আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬৯,০০০ টকা।
অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত সোণৰ মূল্য ০.৩৪ ডলাৰ বৃদ্ধি হোৱাৰ ফলত ইয়াৰ মূল্য প্ৰতি আউঞ্চত ১,৭৮৪.৫৪ ডলাৰ হৈছে। আনহাতে ৰূপৰ মূল্য হৈছে ২৭.৪৩ ডলাৰ। এই মূল্য ০.১৫ ডলাৰ বৃদ্ধি পাইছে।
বজাৰ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে সোণ-ৰূপ ক্ৰয় কৰাৰ এইয়া উত্তম সময়। একাংশ বিশেষজ্ঞৰ মতে, সোণৰ মূল্য হ্ৰাস হোৱাৰ ফলত সোণ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ দেখা যাব পাৰে। উপভোক্তাসকলে এই আকৰ্ষণীয় মূল্যৰ সুবিধা গ্ৰহণ কৰাৰ সঠিক সময় হিচাপে বিবেচনা কৰে কিয়নো বিগত কেইটমান মাহৰ তুলনাত সোণৰ মূল্য প্ৰায় ১০,০০০ টকালৈ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। যি মূল্য কিছুদিনৰ পিছত বৃদ্ধি হোৱাৰ আশংকা আছে বুলিও তেওঁলোকে মন্তব্য কৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|