সুখবৰ! জানুৱাৰী মাহৰ পৰা এইপৰ্যন্ত ৪০০০ টকালৈকে সস্তা হৈছে সোণ, চেক কৰক ৰেট

আনহাতে ৰূপৰ মাৰ্চ মাহৰ ফিউচাৰ ট্ৰেড ৩৯৪.০০ টকা বৃদ্ধিৰ সৈতে ৬৯,৪০৬.০০ টকাৰ স্তৰত আছে।
আনহাতে ৰূপৰ মাৰ্চ মাহৰ ফিউচাৰ ট্ৰেড ৩৯৪.০০ টকা বৃদ্ধিৰ সৈতে ৬৯,৪০৬.০০ টকাৰ স্তৰত আছে।
- News18 Assam
- Last Updated: February 23, 2021, 11:58 AM IST
উল্লেখযোগ্য যে বিগত সপ্তাহত সোণৰ মূল্য ২.৩ শতাংশ অৰ্থাৎ ১১০০ টকা হ্ৰাস হোৱা পৰিলক্ষিত হৈছিল। বিগত সপ্তাহৰ শুকুৰবাৰে মাল্টি কমোডিটি এক্সজেঞ্জত সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৪৬,১৯০ টকা আছিল। ইয়াৰ পৰিৱৰ্তে বিগত বছৰৰ তুলনাত এই দৰ ১০,০০০ টকালৈ হ্ৰাস হোৱা দেখা গৈছে। সেই সময়ত সোণৰ মূল্য আছিল দহ গ্ৰামত ৫৬,২০০ টকা। চলিত বৰ্ষত সোণ ব্যৱসায়ৰ আৰম্ভণি ১৯৯১ চনতকৈও অধিক বেয়া বুলি একাংশই মত প্ৰকাশ কৰিছে।
দেশৰ ৰাজধানী চহৰ দিল্লীত সোমবাৰে ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য আছিল ক্ৰমে ৪৫,৪২০ টকা আৰু ৪৯,৪৫০ টকা। আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬৯,০০০ টকা।
বজাৰ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে সোণ-ৰূপ ক্ৰয় কৰাৰ এইয়া উত্তম সময়। একাংশ বিশেষজ্ঞৰ মতে, সোণৰ মূল্য হ্ৰাস হোৱাৰ ফলত সোণ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ দেখা যাব পাৰে। উপভোক্তাসকলে এই আকৰ্ষণীয় মূল্যৰ সুবিধা গ্ৰহণ কৰাৰ সঠিক সময় হিচাপে বিবেচনা কৰে কিয়নো বিগত কেইটমান মাহৰ তুলনাত সোণৰ মূল্য প্ৰায় ১০,০০০ টকালৈ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। যি মূল্য কিছুদিনৰ পিছত বৃদ্ধি হোৱাৰ আশংকা আছে বুলিও তেওঁলোকে মন্তব্য কৰে।