৫,০০০ টকালৈকে হ্ৰাস পালে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যত, ৪৮ ঘণ্টাৰ ভিতৰত আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্প কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে সমগ্ৰ বিশ্বৰে শ্বেয়াৰ বজাৰত পৰিছে প্ৰভাৱ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্প কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে সমগ্ৰ বিশ্বৰে শ্বেয়াৰ বজাৰত পৰিছে প্ৰভাৱ।
- News18 Assam
- Last Updated: October 2, 2020, 8:51 PM IST
কিন্তু পৰৱৰ্তী সময়ত ক্ৰমান্বৰে সোণৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হ’ল। যোৱা ছেপ্তেম্বৰ মাহৰ পিছৰ পৰাই ১০ গ্ৰাম সোণৰ মূল্যত ৫,০০০ টকা পৰ্যন্ত হ্ৰাস পাইছে।

ছেপ্তেম্বৰৰ প্ৰথম দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ দাম আছিল ৫২,৬৩৮ টকা। সেইদৰে ১ অক্টোবৰ তাৰিখে ৫১,৩৮৯ টকা আছিল ১০ গ্ৰাম সোণৰ মূল্যত।
যোৱা আগষ্ট মাহত সোণৰ দাম আছিল প্ৰতি ১০ গ্ৰামত ৫৬,০০০ টকা। কিন্তু অক্টোবৰৰ ভিতৰত সোণৰ দামত প্ৰায় ৫,০০০ টকা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। এতিয়া আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত সোণৰ দাম আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।