কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ভেকচিনক লৈ আশা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বত সোণৰ মূল্য হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য (Gold Price) হ্ৰাস পাই 1929 ডলাৰ প্ৰতি আউন্স হৈছে। বিশেষজ্ঞৰ মতে, কোৰোণা ভাইৰাছৰ ভেকচিন পলম হ’লেও চিকিৎসাৰ আশা অব্যাহত আছে। সেইকাৰণে আমেৰিকা আৰু এছিয়াৰ বজাৰসমূহত তীব্ৰতা দেখিবলৈ পোৱা গৈছে। অৱশ্যে আগন্তুক কিছু দিনত আকৌ দাম বৃদ্ধিৰ ধাৰণা কৰা হৈছে।
আমেৰিকাৰ চেন্ট্ৰেল বেংক ফেডাৰেল ৰিজাৰ্ভ আৰু আন কেন্দ্ৰীয় বেংকৰ অভূতপূৰ্ব প্ৰোৎসাহনৰ পেকেজে সুতৰ হাৰ শূণ্যৰ পৰ্যায়লৈ লৈ গৈছে। ইয়াৰ অধীনত বিদেশী বজাৰত সোণৰ মূল্য প্ৰায় ২৮শতাংশ জাম্প কৰা দেখা গৈছে।
সোমবাৰে দিল্লীৰ সোণ–ৰূপৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য ৪৪টকা কম হৈ প্ৰতি দহ গ্ৰামত ৫৩,০৪০টকা হৈছিল। ইয়াৰ পূৰ্বে শুকুৰবাৰে বজাৰৰ শেষত সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫৩,০৮৪ গ্ৰামত বন্ধ হৈছিল।
আজি লাইভ মিণ্টত প্ৰকাশিত খবৰ অনুসৰি সোণৰ মূল্য হ্ৰাস হোৱাৰ ধাৰাবাহিকতা অব্যাহত আছে আৰু ওপৰৰ স্তৰত সোণৰ মূল্য ৫০০০টকা পৰ্যন্ত হ্ৰাস পাইছে। সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫৬,২০০টকাৰ পৰা হ্ৰাস পাই ৫১০০০টকা হৈছে। সেইদৰে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১২০০০টকা পৰ্যন্ত হ্ৰাস পাইছে। সেইমতে এক কিলোগ্ৰাম ৰূপৰ মূল্য ৭৮০০০টকাৰ পৰা ৬৬০০০টকাৰ ওচৰে পাজৰে হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|