কোৰোণাৰ দ্বিতীয় ঢৌৰ মাজতে অব্যাহত আছে সোণ-ৰূপৰ মূল্য বৃদ্ধি প্ৰক্ৰিয়া। আজিৰ দিনটোত পুনৰ মাল্টি কমোডিটি এক্সচেঞ্জত (MCX)ত বৃদ্ধি পায় সোণৰ মূল্য়। জুনৰ ভৱিষ্যত্ বাণিজ্যলৈ লক্ষ্য কৰিলে সোণৰ মূল্য ৫৮.০০ টকা বৃদ্ধি হৈ হয়গৈ ৪৭,৮০৯ টকা। আনফালে ৰূপৰ জুলাইৰ ভৱিষ্য়ত বাণিজ্য মূল্যই ৭২০ টকা বৃদ্ধি পোৱাৰ ফলত হয়গৈ ৭২,১৪৯ টকা। অৱশ্যে সোণৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হ'লেও কিন্তু বৰ্তমানেও সৰ্বকালৰ সৰ্বাধিক মূল্যতকৈ ৯,০১৫ টকা কমত চলি আছে ইয়াৰ মূল্য।
তদুপৰি, আন্তৰ্জাতিক বজাৰলৈ লক্ষ্য কৰিলেও সোণৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত সোণৰ ব্যৱসায় প্ৰতি আউন্সত ১৭.৬০ ডলাৰ বৃদ্ধি হৈ ১,৮৩২.৬৬ ডলাৰত ব্যৱসায় কৰি আছে। ইফালে, ৰূপৰ ব্যৱসায়তো ০.৩৮ ডলাৰ বৃদ্ধি হৈ ২৭.৬৭ ডলাৰত ব্যৱসায় কৰি আছে।
জানি লওক ২৪ কেৰেট সোণৰ মূল্য -
আজিৰ দিনটো দিল্লীত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছে ৫০,০০০ টকা, চেন্নাইত ৪৯,২২০টকা, কলকাতাত ৪৯,৬৭০ টকা আৰু মুম্বাইত প্ৰতি ১০ গ্ৰামত হৈছে ৪৫,৯২০ টকা।
পূৰ্বৰ তুলনাত ৯,০০০ টকা সস্তাত চলি আছে সোণৰ মূল্য -২০২০ৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত সোণে সৰ্বকালৰ সৰ্বাধিক উচ্চতা স্পৰ্শ কৰিছিল। ২০২০ চনৰ ৭ আগষ্টত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৫৬,২০০ টকা। আনফালে ২০২১ৰ ৭ মে' তাৰিখে দিল্লী বুলিয়ন বজাৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৪৭,৭৬০ টকা। ইয়াৰ ওপৰত লক্ষ্য কৰিলে দেখা যায় যে সৰ্বোচ্চ স্তৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯,০১৫ টকাতকৈও অধিক হ্ৰাস পাইছে।
এনেদৰে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰক -
যদি আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব বিচাৰে, তেন্তে ভাল খবৰ ৷ ইয়াৰ বাবে চৰকাৰে এটা নতুন এপৰ সৃষ্টি কৰিছে। “BIS Care App”ৰ মাধ্যমেৰে গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে।
এই এপৰ দ্বাৰা কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয়, ইয়াৰ সৈতে জড়িত যিকোনো অভিযোগ দাখিল কৰিব পাৰিব আপুনি। সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি জানিব পৰা মাত্ৰকে এই এপৰ জৰিয়তে আপুনি তৎক্ষণাৎ অভিযোগ দাখিল কৰিব পাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|