• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এই সুবিধা এৰি নিদিব! হোৰাহোৰে কমিছে সোণৰ দাম! ৯০০০ টকা পৰ্যন্ত পাইছে হ্ৰাস

এই সুবিধা এৰি নিদিব! হোৰাহোৰে কমিছে সোণৰ দাম! ৯০০০ টকা পৰ্যন্ত পাইছে হ্ৰাস

যদি আপুনি সোণ ক্ৰয় কৰাৰ কথা ভাবি আছে তেন্তে এইটো আপোনাৰ বাবে এয়া ভাল সুযোগ!

যদি আপুনি সোণ ক্ৰয় কৰাৰ কথা ভাবি আছে তেন্তে এইটো আপোনাৰ বাবে এয়া ভাল সুযোগ!

যদি আপুনি সোণ ক্ৰয় কৰাৰ কথা ভাবি আছে তেন্তে এইটো আপোনাৰ বাবে এয়া ভাল সুযোগ!

  • Share this:
সোণ অথবা ৰূপৰ আ-অলংকাৰ আৰু গহনা ক্ৰয়ৰ কথা আপুনিও ভাবিছে নেকি? তেন্তে আৰু পলম নকৰিব!  সোণ আৰু ৰূপ (Gold-Silver Price) ক্ৰয় কৰাৰ বাবে এয়াই হৈছে অতি সঠিক সময়।

শুকুৰবাৰে গুড ৰিটাৰ্ণছ ৱেবছাইটৰ মতে, ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৪৭,৪১০ টকাৰ পৰা ৪৭,৩৫০ টকালৈ হ্ৰাস পাইছে। আনহাতে, ৰূপৰ ক্ষেত্ৰত এই হাৰ প্ৰতি কিলোগ্ৰামত ৭০,৩০০ টকালৈ হ্ৰাস পাইছে। একেদৰে, ২৪ কেৰেট সোণৰ মূল্য শুকুৰবাৰে প্ৰতি ১০ গ্ৰামত ৬০ টকা হ্ৰাস হৈ ৪৮,৩৫০ টকালৈ হ্ৰাস পায়, যি পূৰ্বৰ ট্ৰেডিং চেশ্বনত ৪৮,৪১০ টকা আছিল।



ৰেকৰ্ড স্তৰতকৈ (Record Level) ৯,০০০ টকা কম সোণৰ দামঃ

যদি আপুনি সোণ ক্ৰয় কৰাৰ কথা ভাবি আছে তেন্তে এইটো আপোনাৰ বাবে এটা ভাল সুযোগ। কিয়নো সোণৰ দাম এতিয়া ৰেকৰ্ড উচ্চতাতকৈ ৯০০০ টকা পৰ্যন্ত পাইছে হ্ৰাস। যোৱা বছৰৰ আগষ্টত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৫৬,০০০ টকাৰো অধিক হৈছিল।

শেহতীয়াকৈ সোণৰ দাম (Gold Price Today, 18 June)

গুড ৰিটাৰ্ণছ ৱেবছাইটৰ মতে, ৰাজধানী দিল্লীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৭,০০০ টকা। চেন্নাইত এই দাম ৪৫,১৫০ টকালৈ হ্ৰাস পাইছে। মুম্বাইত ১০ গ্ৰাম সোণৰ হাৰ ৪৭,৩৫০ টকা। কলকাতাত প্ৰতি ১০ গ্ৰামত ৪৭,১৮০ টকা।



আজি ৰূপৰ মূল্য (Silver Price Today, 18 June)

সোণৰ লগতে আজি ৰূপৰ মূল্যৰ ক্ষেত্ৰতো দেখা গৈছে পৰিৱৰ্তন। ৱেবছাইটৰ মতে, শুকুৰবাৰে ৰূপৰ মূল্য ২৬০০ টকা হ্ৰাস হয়। দিল্লীত ১ কিলোগ্ৰাম ৰূপৰ মূল্য ৬৭,৭০০ টকা। মুম্বাই, কলকাতা, চেন্নাইত ক্ৰমান্বয়ে ৬৭,৭০০ টকা, ৬৭,৭০০ টকা আৰু ৭৪,৪০০ টকা প্ৰতি কিলোগ্ৰামত।

এইধৰণে শুদ্ধতা পৰীক্ষা কৰকঃ

আপুনি সোণ ক্ৰয়ৰ লগতে সোণৰ বিশুদ্ধতাও পৰীক্ষা কৰিব বিচাৰে নেকি, তেন্তে ইয়াৰ বাবে আৰু চিন্তা নাই, চৰকাৰে সোণৰ বিশুদ্ধতা পৰীক্ষাৰ বাবে এটা এপ তৈয়াৰ কৰিছে। BIS Care app নামৰ এই এপটোৰে গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰিব। এই এপটোৱে কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয় ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো আপুনি দাখিল কৰিব পাৰে।



যদি এই এপটোত সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি গণ্য কৰা হয় তেতিয়া গ্ৰাহকসকলে অভিযোগ কৰিব পাৰে। এপটোৰ জৰিয়তে গ্ৰাহকসকলে অভিযোগ দাখিল কৰাৰ বাবে তথ্যও প্ৰাপ্ত কৰিব।
Published by:Himangshu Bhuyan
First published: