মাল্টি কমডিটী এক্সচেঞ্জ (MCX)ত আজি সোণ ০.৪৯ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে। আনহাতে, ৰূপৰ দামো (Silver price today) হ্ৰাস পাইছে আজিৰ দিনটোত।
মাল্টি কমডিটী এক্সচেঞ্জ (MCX)ত আজি সোণ ০.৪৯ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে। আনহাতে, ৰূপৰ দামো (Silver price today) হ্ৰাস পাইছে আজিৰ দিনটোত।
সোণৰ দাম (Gold Price Today) আজি কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। মাল্টি কমডিটী এক্সচেঞ্জ (MCX)ত আজি সোণ ০.৪৯ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে। আনহাতে, ৰূপৰ দামো (Silver price today) হ্ৰাস পাইছে আজিৰ দিনটোত।
এপ্ৰিল ডেলিভাৰীৰ সোণৰ দাম আজি ০.৪৯ শতাংশ হ্ৰাস পাই ৪৮,৭১৫ টকা প্ৰতি ১০ গ্ৰাম হৈছেগৈ। আনহাতে, আজিৰ ব্যৱসায়ত ৰূপ ১.১০ শতাংশ হ্ৰাস পাই ৬২.৫৬৮ টকা প্ৰতি কিলোগ্ৰামত ব্যৱসায় কৰি আছে।
৭,৫০০ টকা সস্তা সোণ
আগষ্ট ২০২০ত এম চি এক্সত ১০ গ্ৰাম সোণৰ দাম ৫৬,২০০ টকাৰ উচ্চতম স্তৰত উপনীত হৈছিল। আজি সোণৰ দাম এম চি এক্সত ৪৮,৭১৫ টকা প্ৰতি ১০ গ্ৰামৰ লেভেলত আছে, অৰ্থাৎ এতিয়া প্ৰায় ৭,৫০০ টকা সস্তাত পোৱা গৈছে সোণ।
মিছ কল দি জানিব পাৰিব দাম
আপুনি ঘৰতে বহি জানিব পাৰে সোণ–ৰূপৰ দাম। ইয়াৰ বাবে আপুনি কেৱল 8955664433 নম্বৰত এটা মিছ কল দিব লাগে। আপোনাৰ ফোনত এটা মেছেজ আহিব, য’ত আপুনি সোণৰ শেহতীয়া দাম সম্পৰ্কে জানিব পাৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|