உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Gold Price Today : ১১,৫০০ টকালৈ সস্তা হ’ল সোণ, জানক সোণ-ৰূপৰ মূল্য

    Gold Price Today : ১১,৫০০ টকালৈ সস্তা হ’ল সোণ, জানক সোণ-ৰূপৰ মূল্য

    আজি অৰ্থাৎ বৃহস্পতি বাৰৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য ৪৪,৮৯৭ টকা হৈ পৰিছে।

    আজি অৰ্থাৎ বৃহস্পতি বাৰৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য ৪৪,৮৯৭ টকা হৈ পৰিছে।

    আজি অৰ্থাৎ বৃহস্পতি বাৰৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য ৪৪,৮৯৭ টকা হৈ পৰিছে।

    • Share this:
    যদি আপুনি উৎসৱৰ বতৰত সোণ বা ৰূপ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। আজি, মাল্টি কমোডিটি এক্সচনেজ (Multi Commodity Exchange)ত সোণৰ মূল্য সমতল স্তৰত ব্যৱসায় কৰিছে। আজি অৰ্থাৎ বৃহস্পতি বাৰৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য ৪৪,৮৯৭ টকা হৈ পৰিছে। ৰূপৰ মূল্য প্ৰায় ০.১৬ শতাংশ হ্ৰাস হৈ প্ৰতি কিলোত ৬৫১৪০ টকালৈ হ্ৰাস পাইছে। বিগত বাণিজ্য অধিৱেশনত সোণ আৰু ৰূপৰ মূল্য ০.৪৫ শতাংশ বৃদ্ধি পাইছিল।

    বিশ্ব বজাৰ (Global Market)ত প্ৰায় মিল দেখা পোৱা সংকেতৰ মাজত সোণৰ হাৰ আজি সমতল হৈ আছে। আজি আমেৰিকাৰ বজাৰত সোণ এক আউন্সত ১,৭৩৪.৮১ ডলাৰত স্থিৰ হৈ আছে।

    আজি ৰাজধানী চহৰ দিল্লীত ২৪ কেৰেটৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৮,০৭০ টকা। আনহাতে, চেন্নাইত ৪৬,১৫০ টকা, মুম্বাইত ৪৫,০৩০ টকা আৰু কলকাতাত প্ৰতি ১০ গ্ৰামত ৪৬,৮৮০ টকা দেখা গৈছে।

    বিগত কেইমাহত সোণ ১১,৫০০ টকা সস্তা হৈছে। কোৰোণাৰ সংকটত কালত প্ৰতি ১০ গ্ৰাম সোণত ৫৫,০০০ টকা হৈছিল। বিশেষজ্ঞসকলে কৈছে যে কোৰোণা ভেকচিনৰ আৰম্ভণি হোৱাৰ পৰা সোণৰ মূল্য হ্ৰাস হৈ আছে। অৱশ্যে, টিকাকৰণৰ পিছত অৰ্থনৈতিক কাৰ্যকলাপ দ্ৰুতগতিত বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে।

    বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ২০২১ চনত সোণৰ মূল্য নিশ্চিতভাৱে বৃদ্ধি পাব। এই বছৰ সোণৰ মূল্য ৬৩,০০০ টকা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। যদি এনে হয়, বিনিয়োগকাৰীসকলে এক শক্তিশালী লাভ পাব বুলি অনুমান কৰা হৈছে। বিয়াৰ বতৰৰ বাবে ভাৰতত ক্ৰয়ৰ ফলত এতিয়া সোণ আৰু ৰূপৰ মূল্য সমৰ্থন লাভ কৰিব।

    বুধবাৰে দিল্লীৰ চৰাফা বজাৰ (Sarafa Bazar)ত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত সামান্য হ্ৰাস হৈ ১৪৯ টকালৈ হ্ৰাস পোৱা গৈছে, যাৰ পিছত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৪,৪৯৯ টকা হৈছেগৈ। ইয়াৰ বিপৰীতে ৰূপৰ ব্যৱসায় প্ৰতি কিলোত ৬৪,৬০৭ টকাত স্থিৰ হৈছে।
    Published by:Sanjay Kumar Das
    First published: