বৃহস্পতিবাৰেও হ্ৰাস পালে সোণ–ৰূপ দাম (Gold silver price today 9 dec 2021)। মাল্টী কমিডিটী এক্সচেঞ্জ (MCX)ত সোণৰ দাম (Gold price today) ০.১০ শতাংশ হ্ৰাস পাইছে। এই হ্ৰাসৰ সৈতে আজি ১০ গ্ৰাম সোণ ৪৮,০০৭ টকা হৈছেগৈ। ৰূপৰ দামো (Silver price today) হ্ৰাস পাইছে। আজি ১ কিলোগ্ৰাম ৰূপৰ দাম ০.০৫ শতাংশ হ্ৰাস পাইছে। এই হ্ৰাসৰ সৈতে ৰূপৰ দাম আজি প্ৰতি কিলোগ্ৰামত ৬১,৫৯৩ টকা।
উল্লেখযোগ্য যে বৰ্তমান বিয়াৰ বতৰ। এনে অৱস্থাত সোণৰ চাহিদা বৃদ্ধি পায়। যদি আপুনি সোণ কিনাৰ কথা ভাৱিছে তেন্তে জানি লওক যে বিগত বৰ্ষতকৈ এই বৰ্ষত ৮০০০ টকা কমত লাভ কৰিব। অৰ্থাৎ এতিয়া সোণ কিনাটো আপোনাৰ বাবে লাভজনক। আনহাতে, বিনিয়োগৰ ফালৰ পৰাও সোণ কিনাৰ এয়াই সঠিক সময় কিয়নো শীঘ্ৰে সোণ–ৰূপৰ দাম বৃদ্ধি হ’ব পাৰে আৰু বিনিয়োগকাৰীয়ে মোটা ৰিটাৰ্ণ লাভ কৰাৰ সম্ভাৱনা আছে।
আপোনাক জনাওঁ যে আপুনি ঘৰত বহিয়ে সোণ–ৰূপৰ মূল্য জানিব পাৰে। ইয়াৰ বাবে আপুনি কেৱল 8955664433 নম্বৰত এটা মিছ কল দিয়ক। কিছু সময় পিছতে আপোনাৰ ফোনলৈ মেছেজ আহিব। য’ত আপুনি সোণ–ৰূপৰ শেহতীয়া দাম জানিব পাৰিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|