ভাৰতীয় ছৰাফা বজাৰত আজি অৰ্থাৎ ১২ জানুৱাৰী ২০২২ত সোণৰ দাম (Gold Price Today) বৃদ্ধি পাইছে। ৰূপৰ দাম (Silver Price Today) ঊৰ্ধ্বমুখী হোৱা দেখা গৈছে। দিল্লীৰ ছৰাফা বজাৰত আজি সোণৰ দাম ২২৮ টকা বৃদ্ধি হৈছে। ৰূপৰ দাম আজি ২৭১ টকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
দিল্লীৰ ছৰাফা বজাৰত বুধবাৰে সোণৰ দাম ২২৮ টকা প্ৰতি ১০ গ্ৰামত বৃদ্ধি হৈ ৪৬,৮১২ টকা প্ৰতি ১০ গ্ৰামত বন্ধ হৈছে। আনহাতে, ৰূপৰ দাম ২৭১ টকা বৃদ্ধিৰ পিছত ৫৯,৯৩২ টকা প্ৰতি কিলোগ্ৰামত বন্ধ হৈছে।
আপুনি ঘৰতে বহি জানিব পাৰিব সোণ–ৰূপৰ শেহতীয়া দাম। ইয়াৰ বাবে আফুনি কেৱল 8955664433 নম্বৰত এটা মিছকল দিয়ক। আপোনাৰ ফোনত এটা মেছেজ আহিব, য’ত আপুনি সোণ–ৰূপৰ দৰৰ বিষয়ে জানিব পাৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 12, 2022, 17:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।