உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • একেৰাহে দ্বিতীয় দিনাও হ্ৰাস সোণৰ মূল্য, জানক আজি কিমান দাম সোণৰ

    একেৰাহে দ্বিতীয় দিনাও হ্ৰাস সোণৰ মূল্য, জানক আজি কিমান দাম সোণৰ

    চীন আৰু আমেৰিকাৰ ব্যৱসায়িক সম্বন্ধৰ উন্নতিৰ সংকেতৰ পিছতো আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত সোণৰ মূল্য হ্ৰাস অব্যাহত। স্পট গ’ল্ড (Spot Gold) ০.৫ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১,৯৩৪.৯১ ডলাৰ হয়। 

    চীন আৰু আমেৰিকাৰ ব্যৱসায়িক সম্বন্ধৰ উন্নতিৰ সংকেতৰ পিছতো আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত সোণৰ মূল্য হ্ৰাস অব্যাহত। স্পট গ’ল্ড (Spot Gold) ০.৫ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১,৯৩৪.৯১ ডলাৰ হয়। 

    চীন আৰু আমেৰিকাৰ ব্যৱসায়িক সম্বন্ধৰ উন্নতিৰ সংকেতৰ পিছতো আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত সোণৰ মূল্য হ্ৰাস অব্যাহত। স্পট গ’ল্ড (Spot Gold) ০.৫ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১,৯৩৪.৯১ ডলাৰ হয়। 

    • Share this:
    সোণৰ মূল্যৰ ক্ষেত্ৰত (Gold Prices) পাঁচ মাহৰ ভিতৰত সকলোতকৈ বেয়া সপ্তাহৰ পিছত সোমবাৰে মূল্য আৰু হ্ৰাস পায়। চীন আৰু আমেৰিকাৰ ব্যৱসায়িক সম্বন্ধৰ উন্নতিৰ সংকেতৰ পিছতো আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত সোণৰ মূল্য হ্ৰাস অব্যাহত। স্পট গ’ল্ড (Spot Gold) ০.৫ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১,৯৩৪.৯১ ডলাৰ হয়। বিগত সপ্তাহত সোণৰ মূল্যত ৪.৫শতাংশ হ্ৰাস হৈছিল। মাৰ্চৰ পিছতে সকলোতকৈ অধিক সাপ্তাহিক মূল্য হ্ৰাস আছিল এয়া। ইউ এছ গ’ল্ড ফিউচাৰ ০.৩শতাংশ উঠি ১,৯৪৩.৫০ ডলাৰ হয়।

    এমচিএক্স এক্সেঞ্জত পাঁচ অক্টোবৰ, ২০২০ৰ ৯বজাত সোণৰ সাম্ভাব্য মূল্য ৯৭শতাংশ হ্ৰাস পাই প্ৰতি দহ গ্ৰামত ৫২,১৩০ টকা ট্ৰেণ্ড কৰি আছিল। সেইদৰে এমচিএক্সত ২০২০ৰ চাৰি ছেপ্তেম্বৰত ৰূপৰ মূল্য ৯বজাত ১১১টকা কমি প্ৰতি কিলোগ্ৰামত ৬৭,০৬০ টকা ট্ৰেণ্ড কৰি আছিল।

    ঘৰুৱা বজাৰত ৪০০০টকা হ্ৰাস পালে সোণৰ মূল্য

    আমেৰিকাত চৰকাৰী বণ্ডৰ ইল্ডৰ (US Bond Yields) বৃদ্ধিৰ কাৰণে সোণৰ মূল্য কমি গৈছে। ইয়াৰ বাহিৰে সোণৰ মূল্যৰ বৃদ্ধিৰ (Gold Prices) কাৰণে বিনিয়োগকাৰীৰ তৰফৰ পৰাও লাভ আদায় কৰা হয়। সেইকাৰণে এই সপ্তাহতো সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে।

    সোমবাৰে অৰ্থাৎ আজি সোণৰ মূল্য বিগত সপ্তাহৰ তুলনাত প্ৰতি দহ গ্ৰামত ৫২,১৫১টকাৰে আৰম্ভ হয়।

    দেশত যোৱা সপ্তাহতো সোণৰ মূল্য (Gold Prices) কম হোৱা দেখিবলৈ পোৱা গৈছিল। শুকুৰবাৰে সোণৰ মূল্য ১.৫শতাংশ হ্ৰাস পাই ৫২,১৭০টকা প্ৰতি দহ গ্ৰামত হৈছিল। অৱশ্যে সপ্তাহটো চলি থাকোতে সোণৰ মূল্য ২,৬০০ টকা প্ৰতি দহ গ্ৰামত কম হোৱা দেখা গৈছিল যদিও ৭আগষ্টত সোণৰ মূল্য সৰ্বাধিক ৫৬,২০০টকা প্ৰতি দহ গ্ৰামত হয়। এই আধাৰ মতে, সোণ শুকুৰবাৰে শেষ হোৱা বিগত সপ্তাহৰ উচ্চ দৰৰ পৰা প্ৰতি দহ গ্ৰামত ৪,০০০টকা হ্ৰাস পাইছে। ইয়াৰ লগতে ৰূপৰ (Silver) ক্ষেত্ৰত ৫.৫ শতাংশ অৰ্থাৎ ৪,০০০টকা হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ৬৭,২২০টকা হয় সপ্তাহান্তত।

    বিশেষজ্ঞৰ মতে কোৰোণাৰ ভেকচিন ওলালেও আৰ্থিক মন্দাৱস্থা এতিয়াই সুস্থিৰ নহয় গতিকে দীপাৱলীলৈকে প্ৰতি দহ গ্ৰাম সোণৰ মূল্য ৭০,০০০টকালৈ বৃদ্ধিৰ সম্ভাৱনা আছে।
    First published: